মাতৃৰ গৰ্ভত ‘প্রথম জন্ম’, তাৰ পাছত দেখা পালে পৃথিৱীৰ পোহৰ 

দৈৱক্ৰমে দুবাৰ জন্ম হ'ল এটি 'আশ্চর্য' শিশুৰ

hqdefault

Florida:✒️ফ্ল’ৰিডাৰ এটি শিশুক কেন্দ্ৰ কৰি সম্প্ৰতি প্ৰৱল চর্চা চলিছে। কেছিয়ান নামৰ এই কণমানি শিশুটিক সকলোৱে ‘মিৰাকল বেবী’ আখ্যা দিছে। কিয়নো শিশুটিৰ যেন দুবাৰ জন্ম হৈছিল। শুনিবলৈ আশ্চৰ্যকৰ হ’লেও এই ঘটনা সত্য।

কেছিয়ান মাতৃৰ গৰ্ভত থকা অৱস্থাত প্রায় ১৯ সপ্তাহত চিকিৎসকে জানিব পাৰে যে গৰ্ভস্থ শিশুটিৰ এক বিৰল সমস্যা আছে। এই ৰোগৰ নাম হৈছে জন্মগত উর্ধ্ব শ্বাসনলী প্রতিবন্ধকতা ছিণ্ড্ৰ’ম (চিএইছঅ’এছ)।

এনে অৱস্থাত শিশুৰ শ্বাসনলী ভালদৰে বিকশিত নহয় বা বন্ধ হৈ পৰে। ফলত হাওঁফাওঁত তৰল পদার্থ জমা হ’বলৈ ধৰে আৰু হৃদযন্ত্ৰত চাপ পৰে। সাধাৰণতে এই ধৰণৰ সমস্যাত অনেক শিশুৰ মাতৃগৰ্ভতে মৃত্যু হয়।

প্রথমে চিকিৎসকৰ দলে এক অস্ত্রোপচাৰ কৰি সমস্যাটো ঠিক কৰাৰ চেষ্টা কৰিছিল; কিন্তু ইয়াত সম্পূর্ণ সাফল্য নাপালে। ফলত পৰিস্থিতি আৰু জটিল হৈ পৰে। শিশুটিক বচাবলৈ আন উপায় অৱলম্বন কৰিব লাগিছিল।

অৱশেষত চিকিৎসকসকলে অত্যন্ত কঠিন তথা অতি আশংকাপূর্ণ এক সিদ্ধান্ত গ্রহণ কৰে। গৰ্ভাৱস্থাৰ প্ৰায় ২৫ সপ্তাহত এক বিশেষ অস্ত্রোপচাৰ সম্পন্ন কৰা হয়। এই অস্ত্রোপচাৰত শিশুটিক সম্পূৰ্ণৰূপে নহয়, বৰঞ্চ আংশিকভাৱে মাতৃৰ গৰ্ভৰ পৰা বাহিৰ কৰা হয়।

শিশুটিৰ মূৰ আৰু হাত বাহিৰলৈ অনা হয়, কিন্তু শৰীৰৰ বাকী অংশ গৰ্ভৰ ভিতৰতে ৰখা হয়। তেতিয়াই শিশুটিয়ে প্লাচেণ্টাৰ মাধ্যমেৰে মাতৃৰ শৰীৰৰ পৰা অক্সিজেন পাই আছিল। এনে অৱস্থাত চিকিৎসকসকলে শিশুটিৰ শ্বাসনলীত অস্ত্রোপচাৰ কৰি এটা পথ সৃষ্টি কৰে, যাতে শিশুটিয়ে পাছত স্বাভাৱিকভাৱে শ্বাস-প্রশ্বাস ল’ব পাৰে।

অস্ত্রোপচাৰ সম্পন্ন হোৱাৰ পাছত শিশুটিক পুনৰ মাতৃগৰ্ভলৈ ঘূৰাই পঠোৱা হয়। এই কাৰণেই কোৱা হৈছে যে শিশুটিয়ে যেন এবাৰ অস্ত্রোপচাৰৰ সময়ত ‘জন্ম’ লৈছিল আৰু পাছত আকৌ স্বাভাৱিকভাৱে জন্মগ্রহণ কৰে, অৰ্থআৎ দুবাৰ জন্ম লয়।

ইয়াৰ প্ৰায় ছসপ্তাহৰ পাছত কেছিয়ানৰ স্বাভাৱিক জন্ম হয়। জন্মৰ পাছত তাক কিছুদিন এনআইচিইউত ৰখা হৈছিল, কাৰণ তাৰ বিশেষ যত্নৰ প্ৰয়োজন আছিল। লাহে লাহে কেছিয়ান সুস্থ হৈ উঠে আৰু শিশুটি পিতৃ-মাতৃৰ স’তে ভালদৰেই আছে।

চিকিৎসকে জনাইছে যে এই ঘটনা চিকিৎসা বিজ্ঞানৰ এক বিৰাট সাফল্য। ইমান জটিল অৱস্থাত এটি শিশুৰ প্ৰাণ ৰক্ষা কৰাটো বৰ সহজ নহয়। এই অস্ত্রোপচাৰে দেখুৱাই দিলে যে আধুনিক চিকিৎসা কিমান উন্নত হৈছে। কেছিয়ানৰ পৰিয়াল এতিয়া অত্যন্ত আনন্দিত।

তেওঁলোকে শিশুটিৰ জীৱনৰ এই দুটা বিশেষ দিন অর্থাৎ অস্ত্রোপচাৰৰ দিন আৰু জন্মদিন, দুয়োটা দিনতে পৃথকভাৱে উদ্যাপন কৰিব বুলি জনাইছে।

Exit mobile version