Uttar Pradesh:✒️উত্তৰ প্ৰদেশ (Uttar Pradesh)ত পুনৰ সংঘটিত হ’ল ভয়ংকৰ নৌকা দুৰ্ঘটনা। বুধবাৰে গভীৰ নিশা যমুনা নদী(Yamuna River)ত যাত্ৰীবাহী এখন নাও উলটি যোৱাৰ ফলত এতিয়াও নিখোঁজ হৈ আছে ছয়জন যাত্ৰী। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
স্থানীয় প্ৰশাসনৰ তথ্য অনুসৰি, হামিৰপুৰ(Hamirpur)জিলাৰ ঘাটমপুৰ অঞ্চলত বুধবাৰে নিশা প্ৰায় ১০:৩০ বজাত মাজনদীত নাওখন দুৰ্ঘটনাগ্ৰস্ত হয়।
নাওখনত মুঠ নজন যাত্ৰী আছিল আৰু দুৰ্ঘটনাৰ পিছতেই সকলো যাত্ৰী নদীত পৰি যায়।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী(National Disaster Response Force)আৰু ৰাজ্যিক দুৰ্যোগ মোকাবিলা বাহিনীৰ সদস্যসকলে তৎক্ষণাত উদ্ধাৰ অভিযান আৰম্ভ কৰে।
এতিয়ালৈকে তিনিজন যাত্ৰীক জীৱিত উদ্ধাৰ কৰা হৈছে। তথ্য অনুসৰি, তেওঁলোক সাঁতুৰি নিজেই সুৰক্ষিত স্থানলৈ ওলাই আহিবলৈ সক্ষম হৈছিল। কিন্তু বাকী ছয়জনৰ এতিয়াও কোনো সন্ধান পোৱা হোৱা নাই।
নিখোঁজসকলৰ ভিতৰত এগৰাকী মহিলা, এটি শিশু আৰু এজন কিশোৰো আছে বুলি জানিবলৈ দিছে প্ৰশাসনে।
ৰাজেশ যশে সংবাদ মাধ্যমক কয়, “নাওখনত নজন যাত্ৰী আছিল। তিনিজন সাঁতুৰি সুৰক্ষিতভাৱে ওলাই আহিছে। কিন্তু বাকী ছয়জন এতিয়াও নিখোঁজ। উদ্ধাৰ অভিযান অব্যাহত আছে।”
ইফালে, কেনে পৰিস্থিতিত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষী আৰু প্ৰশাসনে।
