Saudi Arabia:✒️মৰুভূমিৰ ৰুক্ষ বক্ষত হ্রদ সৃষ্টি কৰি সমগ্ৰ বিশ্বত চমক দিলে ছৌদি আৰবে। এই হ্রদ সৃষ্টিৰ উদ্দেশ্যে দেশখনে তিনিটা দৈত্যকায় বান্ধ বান্ধিছে। মৰুভূমিৰ বক্ষৰ এই কৃত্রিম হ্ৰদৰ দৈর্ঘ্য হৈছে ২.৮ কিলোমিটাৰ। এই বান্ধ নিৰ্মাণৰ কাম ২০২৪ৰ পৰা চলি আছে। উক্ত বছৰৰ জানুৱাৰীত ছৌদিৰ শাসকে এই অভিলাষী প্ৰকল্পৰ কথা ঘোষণা কৰে।
পৰৱৰ্তী সময়ত উক্ত বৰ্ষৰ ২৯ মাৰ্চত দেশখনৰ শাসকে ঘোষণা কৰে যে বান্ধটোৰ প্ৰায় ৩০ শতাংশ কাম সম্পূর্ণ হৈছে। প্রথম অৱস্থাত এই বান্ধ নিৰ্মাণৰ বাবে চৰকাৰে ৪.৭বিলিয়ন ডলাৰ মুকলি কৰি দিয়ে।
পৰৱৰ্তী সময়ত আৰু কিছু পৰিমাণৰ ধন চৰকাৰে মুকলি কৰে। এই তিনি বৃহৎ বান্ধ ট্র’জেনা পৰ্বতত নিৰ্মাণ কৰি থকা হৈছে। এই বান্ধ নির্মাণ সম্পূর্ণ হ’লেই এক প্রাকৃতিক হ্রদ সদৃশ হ্ৰদৰ সৃষ্টি হ’ব। এই বান্ধ নিৰ্মাণৰ স’তে জড়িত আছে নেআ’ম নামৰ এক প্রতিষ্ঠান।
এই ট্র’জেনা পর্বত দেশখনৰ উত্তৰ-পশ্চিম অঞ্চলত অৱস্থিত। একাবা উপ-সাগৰৰ পৰা এই পৰ্বতৰ দূৰত্ব ৩১ মাইল। এই সম্পৰ্কত ইটালীৰ একাংশ বিশেষজ্ঞই মন্তব্য কৰিছে যে পৰ্বতে নিজেই জলাধাৰ সৃষ্টি নকৰে।
গতিকে এনে জলাধাৰ সৃষ্টিৰ ক্ষেত্রত মানুহে ভূমিকা পালন কৰিবই লাগিব। এই তিনি বান্ধত পানী ওলাই যাব নোৱাৰাকৈ তিনিটা প্রতিবন্ধকৰ নিৰ্মাণ কৰা হ’ব। তদুপৰি পানী যাতে ভৈয়ামলৈ বৈ আহিব নোৱাৰে, তাৰ বাবে বহুসংখ্যক পকী গাঁথনি নির্মাণ কৰা হ’ব।
এই তিনি বান্ধৰ দুটাক পকীকৈ আৰু অন্তিমটোক শিলেৰে নিৰ্মাণৰ পৰিকল্পনা কৰিছে নিৰ্মাণকাৰী প্রতিষ্ঠানে। ইয়াৰে এটা বান্ধ মার্কিন সৈন্যৰ অভিযান্ত্রিক ক’পছে কৰা নিৰ্মাণ সদৃশ হ’ব। এই বান্ধ তৰপ তৰপকৈ পকী ঢালাইৰে নিৰ্মাণ কৰা হ’ব।
এই গাঁথনিৰ শক্তি বৃদ্ধি কৰিব শক্তিশালী চাৰিসীমাৰ বেৰে। এই সমূহৰ মাজতে জলাধাৰ থাকিব। নির্মাণ সম্পূর্ণ হৈ উঠিলে এই তিনি বান্ধে দেশী-বিদেশী পর্যটকসকলক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে। সেই অনুসৰি, ইতিমধ্যে ওচৰে-পাঁজৰে বিলাসী হোটেলো গঢ়ি উঠিছে।
২০২৩ৰ ছেপ্টেম্বৰতে বিশ্বখ্যাত মেৰিয়ট ইণ্টাৰনেছনেলে ট্র’জেনাত হোটেল নিৰ্মাণৰ বাবে ছৌদি শাসকৰ স’তে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। একেদৰে জেডব্লিউ মেৰিয়টে হ্ৰদৰ চাৰিওকাষে ‘দ্য ব” শীর্ষক এপার্টমেন্ট নিৰ্মাণৰ বাবেও চুক্তি স্বাক্ষৰ কৰিছে ছৌদি শাসকৰ স’তে।
মেৰিয়ট ইণ্টাৰনেছনেলে প্ৰকাশ কৰা অনুসৰি, প্ৰতিষ্ঠানটোৱে এই হ্ৰদৰ ওচৰত ২৩৬টা কোঠাৰ এখন ডব্লিউ হোটেল নিৰ্মাণ কৰিব। একেদৰে জে ডব্লিউ মেৰিয়টে প্ৰকাশ কৰা অনুসৰি, প্ৰতিষ্ঠানটোৱে হৃদৰ পানীৰ সৌন্দৰ্য উপভোগ কৰিব পৰাকৈ পানীৰ দিশত পাঁচশ কোঠাৰ এক এপার্টমেন্ট নির্মাণ কৰিব।
তদুপৰি মাইনৰ হোটেলছেও এই হ্ৰদৰ ওচৰত ২৭০টা কোঠাৰ এখন ৰিজ’ৰ্ট নিৰ্মাণৰ লক্ষ্য লৈছে। এই ৰিজ’ৰ্টত ছুইমিং পুল, এখন স্পা আৰু হেলিপেডো থাকিব। গতিকে এই কৃত্রিম হ্ৰদৰ সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱা সকলে ইয়াৰ ওচৰে-পাঁজৰে থকা-খোৱাৰ সুন্দৰ সুবিধা লাভ কৰিব।
