বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ

IMG 20260507 114223

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৮ নম্বৰ লাটিমা শিলপোতাবড়ি গাঁও পঞ্চায়তৰ অঞ্চলৰ গাঁৱৰ পথ সমূহৰ বেছিভাগেই বিধ্বস্ত হৈ থকা পথৰ আন এটা হৈছে নিজবড়িগোগ প্রাথমিক বিদ্যালয়ৰ সংযোগ পথ।

এই পথটোত মাজে মাজে গাঁতৰ সৃষ্টি হৈ এক কদর্যময় ৰূপ ধাৰণ কৰিছে। আনহাতে, এজাক বৰষুণ পৰিলেই পথটোত বোকা পানীৰে একাকাৰ হৈ পৰে। যাৰ ফলত পথটোৰে ছাত্ৰ-ছাত্ৰী তথা পথচাৰীসকলে যাতায়াতৰ ক্ষেত্ৰত দুর্ভোগ ভুগিব লাগে।

উল্লেখ্য যে পথটোৰ নিজবড়িগোগৰ ললিত ৰাজবংশীৰ ঘৰৰ কাষৰ পৰা নিজবড়িগোগ প্রাথমিক বিদ্যালয় হৈ অধ্যাপক জমছেদ আলীৰ ঘৰৰ সন্মুখৰে যোৱা দুই নম্বৰ নিমুৱা লাটিমা সংযোগ পথছোৱা দীর্ঘ বছৰ ধৰি মেৰামতি নকৰাত কদর্য ৰূপ ধাৰণ কৰিছে।

উল্লেখ্য যে এই পথটোৰে নিজবড়িগোগ প্রাথমিক বিদ্যালয়ৰ কণ কণ ছাত্র-ছাত্রী, নিজবড়িগোগ অংগনৱাড়ী কেন্দ্ৰৰ শিশু-গৰ্ভৱতী মহিলাৰ লগতে নিজবড়িগোগ প্রাথমিক বিদ্যালয়ত থকা ভোট গ্রহণ কেন্দ্রটোলৈও এই পথছোৱাৰে বিপদসংকুলভাবে ৰাইজে যাতায়াত কৰিব লাগে বুলি অভিযোগ কৰিছে।

ইফালে, এই পথটোৰে উত্তৰ দিশ সংযোগ চত্রা নতুন চুবুৰি আৰু এক নম্বৰ নিমুৱা গাঁও সংযোগী পথছোৱা জৰ্জৰিত হোৱাৰ উপৰি পথটোৰ মাজত থকা কালভার্টটোৰ মাজৰ অংশ ভাঙিছে । উক্ত পথটোৰ এনেবোৰ কাৰণৰ বাবে সম্প্রতি পথটোৰে যাতায়াত অনুপযোগী হৈ পৰিছে।

ঘগ্ৰাপাৰ নলবাৰী মেডিকেল কলেজ ৰোডৰ চত্ৰাৰ তেল ডিপ’ৰ সন্মুখৰ পৰা ঘগ্ৰাপাৰ চিলিং পথৰ এক নম্বৰ নিমুৱাত সংযোগ হোৱা পথটো বর্তমান সময়ত চিলিং, নিজবড়িগোগ, এক নম্বৰ নিমুৱা, দুই নম্বৰ নিমুৱা লাটিমা, চত্রা নতুন চুবুৰি, নিজখগতা, বুৰবুৰী, কঞাজানী, কটকীয়া আদি গাঁওসমূহৰ বাবে অতি গুৰুত্বপূৰ্ণ পথ হিচাপে গুৰুত্ব লাভ কৰিছে।

কিয়নো উক্ত পথটোৰে নলবাৰী মেডিকেল কলেজ আৰু হাস্পতালত যোৱাৰ বাবে আৰু অঞ্চলটোৰ লোকৰ মাজত থকা বিভিন্ন সৰু-বৰ গাড়ীৰ তেল আদি লোৱাৰ লগতে ঘগ্ৰাপাৰ আৰু নলবাৰী কলেজত অধ্যয়নৰত নিজবড়িগোগ, দুই নম্বৰ নিমুৱা লাটিমা, এক নম্বৰ নিমুৱা আদি গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উক্ত পথটোৰে যথেষ্টখিনি দূৰত্ব কম হয়।

পথটো জৰাজীৰ্ণ হৈ থকাৰ ফলত ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ ৰাইজে বাৰিষাৰ সময়ত বছৰ বছৰ ধৰি নৰক যন্ত্রণা ভুগি আহিছে। আনহাতে, নিজবড়িগোগ প্রাথমিক বিদ্যালয় সংযোগী পথছোৱা পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় নৱ নিৰ্বাচিত বিধায়ক তথা পঞ্চায়ত প্রতিনিধিয়ে কোনো ধৰণৰ ইতিবাচক পদক্ষেপ গ্রহণ নকৰাত অঞ্চলটোৰ একাংশ ৰাইজে আক্ষেপ প্রকাশ কৰিছে।

তদুপৰি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ ৰাইজৰ যাতায়াত সুচল কৰাৰ ক্ষেত্ৰত পথটো পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্রহণ কৰিবলৈ বিভাগীয় পক্ষক দাবী জনাইছে।

Exit mobile version