বিজেপিৰ কাৰ্যালয়ো গংগাজল চটিয়াই শুদ্ধিকৰণ কৰা হ’ল

পশ্চিমবংগত চৰকাৰ সলনিত প্ৰতিজ্ঞা পূৰণ বিজেপি নেতাৰ, কৰালে মুণ্ডন

full

পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচনত প্ৰথমবাৰলৈ বিজেপি বৃহৎ সফলতা অর্জন কৰিলে।বিজেপিয়ে ৰাজ্যখনত ক্ষমতা দখল কৰাৰ পাছত উল্লসিত হৈছে দলৰ কর্মী-সমর্থকসকল।

ৰাজ্যত চৰকাৰ সলনি হোৱাত বিজেপিৰ একাংশ নেতা-কর্মীয়ে আৰম্ভ কৰিলে শুদ্ধিকৰণ। কোনোবাই নিজৰ মুণ্ডন কৰাই প্রতিজ্ঞা পূৰণ কৰাৰ লগতে আন কোনোবাই গংগাজল চটিয়াই কার্যালয় শুদ্ধিকৰণ কৰালে।

দীর্ঘ ১৫ বছৰৰ পাছত নিজৰ চুলি কটালে বয়ৰা গ্ৰাম পঞ্চায়তৰ মালিদা গাঁৱৰ বিজেপিৰ পঞ্চায়ত সদস্য সনাতন দাসে। ২০১১ত ৰাজ্যৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ সময়ত বিজেপিৰ সক্রিয় কর্মী আছিল দাস।

সেই সময়তে তেওঁ প্রতিজ্ঞা কৰিছিল যে যিদিনা পশ্চিমবংগত বিজেপি ক্ষমতালৈ আহিব, সেইদিনাহে তেওঁ মূৰৰ চুলি কটাব। সুদীর্ঘ ১৫ বছৰৰ পাছত দাসে নিজৰ প্ৰতিজ্ঞা পূৰণত মুণ্ডন কৰাই ক’লে, ‘এয়া কেৱল মোৰ ব্যক্তিগত প্রতিজ্ঞা নাছিল, এয়া আছিল দলৰ প্ৰতি আমাৰ বিশ্বাস আৰু আৱেগৰ প্ৰতীক।ইমানদিনে অপেক্ষা কৰিছিলো আৰু আজি স্বপ্ন পূৰণ কৰিলো। সেয়েহে প্রতিজ্ঞাও পূৰণ কৰিলো। ‘

দাসৰ মুণ্ডনৰ লগতে বিজেপিৰ কার্যালয়ো গংগাজল চটিয়াই শুদ্ধিকৰণ কৰা হ’ল। দুর্গাপুৰতো গৌৰীশংকৰ ৰাজবংশী নামৰ আন এজন বিজেপি সমর্থকে দলৰ চৰকাৰ গঠনত নিজৰ মুণ্ডন কৰালে। দাসৰ দৰে ৰাজবংশীয়েও পশ্চিমবংগত বিজেপিৰ চৰকাৰ গঠন হ’লে মুণ্ডন কৰাব বুলি প্রতিজ্ঞাবদ্ধ হৈছিল।

Exit mobile version