গুগল পে’ৰ দৰে নগদবিহীন লেনদেন সেরাযুক্ত ইউপিআই এপসমূহৰ প্ৰচুৰ জনপ্রিয়তাৰ পাছতো দেশত বৃদ্ধিহে পাইছে নগদ ধনৰ চাহিদা। এনে কাৰণতে যোৱা এপ্ৰিলৰ প্ৰথম ১৫ দিনতে দেশত নগদ ধনৰ প্রচলন ১২ শতাংশ অর্থাৎ ৬১০ অর্বুদ কোটিৰো অধিক বৃদ্ধি পায়।
এই তথ্য প্রকাশ কৰিছে ভাৰতীয় বিজার্ভ বেংকে। লক্ষ্যণীয়ভাৱে সম্প্রতি অধিকাংশ লোকেই নগদবিহীন লেনদেনৰ প্রতি আগ্রহ প্রকাশ কৰিবলৈ ধৰিছে। আনকি গাঁৱে-ভূঞে, দোকানে-বজাৰে এনে সুবিধা উপলব্ধ হৈছে।
তৎসত্ত্বেও স্বয়ং বিজার্ভ বেংকৰ তথ্যই নগদ ধনৰ চাহিদা বৃদ্ধি পোৱা বুলি কৈছে। যোৱা মাহৰ প্ৰথম ১৫ দিনতে ৬১০ অর্বুদ কোটিৰো অধিক টকাৰ নগদ লেনদেন বৃদ্ধি পোৱাত সম্প্রতি দেশত নগদ ধনৰ লেনদেন ৪২.৩ লাখ টকালৈ বৃদ্ধি পাইছে।
উল্লেখ্য যে ২০১৬ৰ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা বিমুদ্ৰাকৰণৰ অন্যতম উদ্দেশ্য আছিল নগদ ধনবিহীন লেনদেনৰ উৎসাহ যোগোৱা। তৎসত্ত্বেও বিগত সময়ত নগদ ধনৰ লেনদেন অধিকহে বৃদ্ধি পোৱা দেখা গৈছে।
এই সন্দৰ্ভত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰুপ মুখ্য অর্থনৈতিক উপদেষ্টা সৌম্যকান্তি ঘোষে কয় যে ঋণৰ সুতৰ হাৰ নিম্ন হৈ থকাৰ বাবে দেশত বিশেষকৈ গ্রামাঞ্চলসমূহত নগদ লেনদেনৰ পৰিমাণ বৃদ্ধি পাইছে। কাৰণ ঋণৰ সুতৰ হাৰ কম হোৱাৰ বাবে মানুহৰ মাজত ধন খৰচৰ প্ৰৱণতা বৃদ্ধি পাইছে বুলি ঘোষে মন্তব্য কৰিছে।
অৱশ্যে নগদ ধনৰ লেনদেন বৃদ্ধি অব্যাহত থাকিলে বেংক ব্যৱস্থাটোত নগদ ধনৰ নাটনি সৃষ্টিৰো আশংকা আছে। এনে পৰিস্থিতি সৃষ্টি নহ’বৰ বাবে ৰিজার্ভ বেংকে আর্থিক কাম-কাজ অব্যাহত ৰখাৰ বাবে সহায়ক পদক্ষেপ গ্রহণ কৰিছে। এই সন্দর্ভত অর্থনীতিবিদ সাক্ষী গুপ্তাই কয়, ‘মুদ্রাস্ফীতি আৰু গ্রামাঞ্চলত চাহিদা বৃদ্ধিৰ ফলত যদি নগদ লেনদেন বৃদ্ধি পাই থাকে, তেন্তে ইয়ে বেংক ব্যৱস্থাটোত নগদ ধনৰ নাটনি সৃষ্টিৰ আশংকা আছে।’
অর্থনীতিবিদগৰাকীৰ এনে মন্তব্যৰ দ্বাৰা এই কথাও স্পষ্ট হৈছে যে বয়-বস্তুৰ মূল্যবৃদ্ধিৰ ফলতো নগদ ধনৰ লেনদেন বৃদ্ধি পাবলৈ ধৰিছে। উল্লেখ্য যে যোৱা মাৰ্চত ৰিজার্ভ বেংকে প্ৰকাশ কৰা অনুসৰি, বেংকসমূহে ০.৬ শতাংশৰ পৰা ১.২ শতাংশ নগদ ধন জমা ৰাখিব লাগে। একেদৰে আন এজন অর্থনীতিবিদে কয় যে বিগত সময়ত জিডিপি বৃদ্ধিৰ ফলত দেশত নগদ ধনৰ লেনদেন বৃদ্ধি পাইছে।
