এয়া কেৱল এটা ষ্ট’ভৰ কাহিনী নহয়… এয়া হৈছে এক সপোন, এক চেষ্টা আৰু এক সংকল্পৰ কাহিনী। গোলাঘাট জিলাৰ সৰুপথাৰৰ বজালবাৰীৰ আফটাব আলী নামৰ এজন সাধাৰণ যুৱকে নিজৰ পৰিশ্ৰম আৰু উদ্ভাৱনী শক্তিৰে বনাইছে এক ব্যতিক্রমী ষ্ট’ভ, যি ম’বিলত জ্বলিব পাৰে।
সৰু পৰিবেশত ডাঙৰ হোৱা এই যুৱকজনৰ মনত সদায় আছিল কিবা নতুন কৰাৰ ইচ্ছা। দৈনন্দিন জীৱনৰ সমস্যা, গেছৰ অভাৱ, কাঠৰ অসুবিধা এইবোৰেই তেওঁক চিন্তা কৰিবলৈ বাধ্য কৰিলে। আৰু সেই চিন্তাই জন্ম দিলে এই অভিনৱ উদ্ভাৱনক।
সাধাৰণ সামগ্ৰী, সীমিত সুবিধা তথাপিও তেওঁ থমকি ৰোৱা নাই। সামাজিক মাধ্যম ইউটিউবত চাই একেৰাহে চেষ্টা, ভুল আৰু পুনৰ চেষ্টা তাৰ পাছত সফলতা।
এই ষ্ট’ভটো ম’বিল ব্যৱহাৰ কৰি সহজে জ্বলাব পাৰি। বিশেষকৈ দূৰৱৰ্তী অঞ্চল বা জৰুৰী অৱস্থাত ই এক উপকাৰী বিকল্প হিচাপে পৰিগণিত হ’ব পাৰে।
আনহাতে, স্থানীয় লোকেও এই উদ্ভাৱনক আদৰি লৈছে আৰু যুৱকজনক প্রশংসা কৰিছে। ইয়াৰ উপৰি যুৱকজনে ২০২০/২১তে খৰিত জুলা চৌকা বা ষ্ট’ভো নির্মাণ কৰিছিল।
যি সমগ্ৰ ৰাজ্যতে গ্ৰাহকৰ মাজত যথেষ্ট… নিহিত থাকে। সৰুপথাৰৰ এই যুৱকৰ কাহিনীয়ে পুনৰ এবাৰ সঁচা কৰিলে ‘য’ত ইচ্ছা, তাত পথ।’ এনে প্রতিভাই সমাজৰ বাবে এক প্ৰেৰণাৰ উৎস।
