Cyber Criminal Arrested in Barpeta:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা ৷ বিশেষকৈ পশ্চিম অসমত চাইবাৰ অপৰাধী টিঘিলঘিলনি বৃদ্ধি পোৱাত শেহতীয়াকৈ আৰক্ষীয়ে কঠোৰস্থিতি গ্ৰহণ কৰি অহাৰ মাজতে বৰপেটা আৰক্ষীৰ জালত পৰে এটা কুখ্যাত চাইবাৰ অপৰাধী ৷ ধৃত চাইবাৰ অপৰাধীটোৰ নাম মাছুদ জিন্নুল আহমেদ ৷ বিশেষ সূত্ৰৰ পমখেদি বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য আৰু কলগাছিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিতেশ হালৈ নেতৃত্বত যোৱা এটা আৰক্ষী দলে কলগাছিয়াত অভিযান চলাই চাইবাৰ অপৰাধীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত চাইবাৰ অপৰাধীটোৰ পৰা ৮০ৰো অধিক এটিএমকার্ড, ৫০ টা ম’বাইল সহ নগদ ৪ লাখ টকা জব্দ কৰে।
