Deadbody Recovered in Guwahati:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্সমহানগৰীত ৰহস্যজনক অৱস্থাত এটা মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য । জিএমচিএইচৰ পৰা গণেশগুৰি সংযোগী পথৰ এজোপা গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো ৷ পিছত ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো দণ্ডাধীশৰ উপস্থিতিত গছৰ পৰা নমাই আনি জিএমচিএইছৰ মৰ্গলৈ প্ৰেৰণ কৰে ৷ আৰক্ষীয়ে নিশ্চিত কৰা অনুসৰি মৃতদেহটো বৰপেটাৰ সমীৰণ দাস বুলি চিনাক্ত কৰি হৈছে ৷ কৰ্মসূত্রে গুৱাহাটীৰ ভাড়াঘৰত আছিল লোকজন ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
