Firing Incident In West bengal :
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-নির্বাচনোত্তৰ হিংসাত জৰ্জৰিত পশ্চিমবংগত হত্যা-হিংসা ক্রমাৎ অধিক বৃদ্ধি পাবলৈ ধৰিছে। বুধবাৰে নিশা বিজেপিৰ মুখ্যমন্ত্রী পদ প্রত্যাশী শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্রনাথ ৰথক দুর্বৃত্তই গুলীয়াই হত্যা কৰে।
এখন গাড়ীত বুদ্ধদেৱ বেৰা নামৰ এজন সহযোগীৰ স’তে ২৪ উত্তৰ পৰগনা জিলাৰ মধ্যমগ্রামস্থিত স্বগৃহলৈ গৈ থকাৰ সময়ত ৰথৰ গাড়ীলৈ দুর্বৃত্তই গুলিবর্ষণ কৰি নির্বিঘ্নে উধাও হয়। সূত্ৰই প্ৰকাশ কৰা অনুসৰি দুর্বৃত্তই ৰথক অনুসৰণ কৰি আছিল। এটা সময়ত তেওঁৰ বাহনৰ বেগ হ্রাস পোৱাৰ সুযোগ লৈ দুর্বৃত্তই বাহনখনলৈ ধাৰাসাৰে গুলিবর্ষণ কৰি আঁতৰি যায়। তিনিটা গুলিয়ে বথক আঘাত কৰাত তেওঁৰ মৃত্যু হয়। গুলিবর্ষণত তেওঁৰ স’তে গাড়ীখনত থকা বুদ্ধদেৱো আহত হয়। পাছত তেওঁক চিকিৎসালয়ত ভর্তি কৰা হয়। স্বাভাৱিকতে এই ঘটনাই সর্বত্রে আলোড়নৰ সৃষ্টি কৰিছে ৷
আনহাতে আৰক্ষীয়ে ঘটনাৰ পিছত ক্ষীপ্ৰতাৰে আৰক্ষীয়ে আৰম্ভ কৰা তদন্তত যথেষ্ট ক্লু লাভ কৰিছে । ভুৱা পঞ্জীয়ন নম্বৰৰ বাহনেৰে আগভেটা দিছিল দুর্বৃত্তই I পঞ্জীয়নভুক্ত বাহন খনৰ মালিকৰ নাম উইলিয়াম জোছেফ৷শিলিগুৰি আৰটিঅ’ত পঞ্জীয়নভুক্ত বাহনখন প্ৰায় ১০বছৰ পুৰণি ৷ আৰক্ষীৰ সবিশেষ অনুসন্ধান অনুসৰি ঘটনাৰ সময়ত প্ৰকৃত গাড়ীখন জোছেফৰ লগতে আছিল৷জোছেফৰ পঞ্জীয়নৰ নম্বৰ লৈ কাৰচাজি কৰিছিল দুৰ্বৃত্তইl
ইপিনে ,চন্দ্রনাথ হত্যাকাণ্ডৰ শেহতীয়া খবৰ অনুসৰি চন্দ্রনাথ হত্যাকাণ্ড তদন্তৰ দায়িত্ব দিয়া হৈছে চিআইডিক একেদৰে ঘটনাৰ তদন্তৰ বাবে বিশেষ আৰক্ষী দল গঠন কৰা হৈছে ৷ ঘটনাত কমেও ৪জন লোক জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷
ইয়াৰে ভিতৰত মধ্যমগ্ৰামৰ স্থানীয় লোকো জড়িত থকাৰ সন্দেহ কৰা হৈছে ৷দুৰ্বৃত্তৰ সন্ধানত আৰক্ষীয়ে মাৰাথন অভিযান আৰম্ভ কৰিছে। দেশৰ নিৰ্বাচনী আয়োগে দোষীক অচিৰেই গ্ৰেপ্তাৰ কৰিবলৈ পশ্চিমবংগ আৰক্ষীক কঠোৰ নিৰ্দেশ দিছে ।
ইয়াৰ পূৰ্বে পুৱতি নিশা হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা এটা নিৰাপত্তা বাহিনীৰ দলৰ ওপৰত উত্তৰ ২৪ পৰগনা জিলাত সন্দেশখালিত দুর্বৃত্তই গুলিবর্ষণ কৰে। এই গুলিবর্ষণত নায়াজত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰত পুৰৰ্কাইটসহ কমেও তিনিজন নিৰাপত্তা বাহিনীৰ লোক আহত হয়। লক্ষ্যণীয় যে নির্বাচনৰ পূৰ্বে কেন্দ্রই ৰাজ্যখনলৈ প্ৰেৰণ কৰা বহু হেজাৰ কেন্দ্ৰীয় বাহিনীৰ জোৱান বর্তমানেও ৰাজ্যখনত আছে। ইয়াৰ মাজতে নিৰাপত্তা বাহিনীৰ জোৱানে পিয়াপি দি থকাৰ সময়তে ব্যাপক হাৰত হিংসাত্মক ঘটনা সংঘটিত হৈ আছে। এনেদৰে ৰাজ্যখনত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে। বর্তমানেও নির্বাচন আয়োগৰ তত্ত্বাৱধানত থকা ৰাজ্যখনত চৌদিশে বৃদ্ধি পাইছে হিংসাত্মক ঘটনা। দদাই জ্বলি উঠা হিংসাৰ জুইত কালি সন্ধিয়াৰ পৰা কমেও বাতৰি লিখা পৰলৈ কমেও পাঁচজন লোকৰ প্ৰাণহানি হৈছে। ইয়াৰে এজনক বিজেপিৰ আৰু এজনক তৃণমূল কংগ্রেছ কর্মী বুলি চিনাক্ত কৰা হৈছে।
হিংসাৰ দাবানল জ্বলি উঠা ৰাজ্যখনত কালি সন্ধিয়া বিজেপিয়ে নিউ টাউনত বিজয় সমদল উলিওৱাৰ সময়ত তৃণমূল কংগ্ৰেছ কৰ্মীৰ আক্ৰমণৰ সম্মুখীন হয়। এই আক্ৰমণত বিজেপিৰ মধু মণ্ডল নামৰ এজন কৰ্মীয়ে প্রাণ হেৰুৱায়। ইয়াৰ পূৰ্বে বীৰভূমত দুর্বৃত্তৰ আক্ৰমণত আবিৰ শেখ নামৰ এজন তৃণমূল কংগ্ৰেহ কৰ্মীৰ মৃত্যু হয়। এনেদৰে ৰাজ্যখন অৰাজক হৈ উঠাত নির্বাচন আয়োগে দুষ্কৃতিকাৰীৰ প্ৰতি শূন্যসহনশীল দৃষ্টিভংগী গ্রহণ কৰিবলৈ পশ্চিমবংগৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্রধানলৈ নির্দেশ জাৰি কৰিছে। আৰক্ষীয়ে বিজয় উৎসৱৰ নামত এক্সকেভেটৰ লৈ সমদল উলিওৱাত আজি নিষেধাজ্ঞা আৰোপ কৰিছে।
ৰাজ্যখনৰ পৰিস্থিতিক লৈ ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্রধান সিদ্ধনাথ গুপ্তাই এক সংবাদমেলত জনায় যে এনে হিংসাত্মক ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুশটা গোচৰ ৰুজু কৰাৰ লগতে ৪৩৩ জন লোকক গ্ৰেপ্তাৰ আৰু ১১শ জনক আটক কৰিছে। তৎসত্ত্বেও চৌদিশে হিংসাত্মক ঘটনা সংঘটিত হৈ আছে। এনে পৰিস্থিতিত কলকাতা আৰক্ষী আয়ুক্ত অজয় নন্দই এক্সকেভেটৰ ভাড়া নিদিবলৈ এনে বাহনৰ গৰাকীসকললৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে। অন্যথা আইনগত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি শীর্ষ আৰক্ষী বিষয়াজনে সকীয়াই দিছে।
আনহাতে, এনে হিংসাত্মক ঘটনাৰ বাবে বিজেপি আৰু তৃণমূলে পৰস্পৰক দোষাৰোপ কৰিছে। এনে অবস্থাতে তৃণমূল কংগ্ৰেছৰ সাংসদ সাগৰিকা ঘোষে সামাজিক মাধ্যমত এটা ভিডিঅ’ আপলোড কৰি হিংসাত্মক ঘটনাক লৈ উদ্বেগ প্রকাশ কৰিছে। ৰাজ্যখনৰ এনে জটিল পৰিস্থিতি লক্ষ্য কৰি উদ্বিগ্ন হৈ উঠিছে ৰাজ্যিক বিজেপিৰ সভাপতি সমীক ভট্টাচার্যও। তেওঁ সকলোকে শান্ত হ’বলৈ আহ্বান জনাইছে দলৰ কোনো কর্মী এনে কাৰ্যৰ স’তে জড়িত থাকিলে বহিষ্কাৰ কৰা হ’ব বুলি ভট্টাচার্যই সকীয়াই দিছে। ইপিনে, তৃণমূল কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে দলে বিজয় উৎসৱ উদ্যাপনৰ নামত ব্যাপক হাৰত হিংসাত্মক ঘটনা সংঘটিত কৰিছে।
একেদৰে বিজেপিয়েও অভিযোগ উত্থাপন কৰিছে যে আন আন দলৰ একাংশই বিজেপিৰ সদস্যপদ লোৱা বুলি দাবী কৰি হিংসাত জড়িত হৈছে। তৃণমূলৰ প্ৰাক্তন নেত্রী বেবী ওৰফে নিশাটোৰ ভিতৰতে বিজেপিত যোগদান কৰাৰ পাছত তেওঁৰ নেতৃত্বত এটা বৃহৎ দলে দক্ষিণ ২৪ পৰগনাৰ নাৰায়ণপুৰ গ্রাম পঞ্চায়তৰ অধীনৰ অঞ্চলত তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় লণ্ডভণ্ড কৰে। তদুপৰি এই বৃষ্কৃতিকাৰীসকলে তৃণমূল কংগ্ৰেছৰ বহুসংখ্যক নেতা-কর্মীৰ ঘৰত তাণ্ডৰ চলায়। এনে অৱস্থাতে পানিহাটী সমষ্টিত তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় জ্বলাই দিয়াৰ ঘটনাও সংঘটিত হৈছে। সমষ্টিটোত আৰজি কৰ চিকিৎসা মহাবিদ্যালয়ৰ ধৰ্ষণ হত্যাৰ বলি ছাত্ৰীগৰাকীৰ মাতৃয়ে এইবাৰ বিজেপিৰ পৰা জয়লাভ কৰিছে।
তৃণমূল কংগ্ৰেছে লগতে অভিযোগ কৰা অনুসৰি, দলৰ মূৰ্ছিদাবাদ কার্যালয়ত দুর্বৃত্তই অগ্নিসংযোগ কৰাৰ লগতে দলৰ সদ্য সমাপ্ত নির্বাচনৰ উদয়নাৰায়ণপুৰৰ প্ৰাৰ্থী সমীৰ পাজাঁক দুর্বৃত্তই মাৰধৰ কৰিছে। অনুৰূপ ঘটনা সংঘটিত হৈছে উত্তৰ কলকাতা সমষ্টিতো বিজেপি-তৃণমূল দুয়ো দলে এনে হিংসাত্মক ঘটনাৱলীৰ ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰিছে।
