Guwahati High Court:গুৱাহাটীৰ উন্মুক্ত নলা শীঘ্ৰে বন্ধ কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ ন্যায়ালয়ৰ

উন্মুক্ত মেনহ'লক লৈ পিআইএল দাখিল ১২ মে'ত আবেদনৰ পৰৱৰ্তী শুনানি

WhatsApp Image 2026 05 07 at 11.14.58 AM

Guwahati High Court:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-গুৱাহাটীত মৰণফান্দ হৈ পৰা মেনহ’ল তথা উন্মুক্ত নলাবোৰ শীঘ্ৰে বন্ধ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি অসম চৰকাৰক নিৰ্দেশ দিয়ে। যোৱা ১৯ এপ্রিলত উন্মুক্ত নলাত পৰি মালিগাঁৱত এগৰাকী মহিলাৰ মৃত্যু হোৱা ঘটনাৰ উল্লেখেৰে অধিবক্তা সন্দীপ চহৰীয়াই উন্মুক্ত নলাবোৰ বন্ধ কৰাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত শেহতীয়াকৈ এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন (পিআইএল) দাখিল কৰিছিল। এই আবেদনত বিগত সময়ছোৱাত গুৱাহাটীত উন্মুক্ত নলাত পৰি প্ৰাণ হেৰুওৱা কে’বাটাও ঘটনাৰ উদাহৰণ দাঙি ধৰা হয়।

বুধবাৰে আবেদনখনৰ শুনানি অনুষ্ঠিত হয়। শুনানিৰ অন্তত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠে সমগ্ৰ বিষয়টোত গভীৰ উদ্বিগ্নতা প্রকাশ কৰে। ন্যায়ালয়ে গুৱাহাটীত উন্মুক্ত হৈ থকা নলাবোৰ অতিশীঘ্রে বন্ধ কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ প্রদান কৰে। এই নির্দেশ কাৰ্যকৰী কৰা তথা উন্মুক্ত নলাবোৰ বন্ধ কৰা প্ৰতিবেদন আদালতত চৰকাৰে দাখিল কৰিব লাগিব বুলিও নির্দেশনাটোত উল্লেখ কৰে। অহা ১২ মে’ত আবেদনখনৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব। সেইদিনাই অসম চৰকাৰৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তাই ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ কাৰ্যব্যৱস্থাৰ বিষয়ে উল্লেখ কৰিব লাগিব।

Exit mobile version