প্রকৃতি আৰু বন্যপ্রাণী প্রেমীসকললৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে এক সুখবৰ কঢ়িয়াইছে। শেহতীয়া এক জৰীপত পোহৰলৈ অহা অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনত মেছেকাৰ সংখ্যা বৃদ্ধি পাইছে। সেই অনুসৰি সম্প্ৰতি উদ্যানখনত স্বাস্থ্যবান ৫৭ টা মেছেকা আছে। এই সমীক্ষা সম্পন্ন কৰে যৌথভাবে ‘ফিছিং কেট প্রজেক্ট’ আৰু কাজিৰঙাৰ ব্যাঘ্র কোষে।
এই সম্পর্কত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা সোণালী ঘোষে সংবাদ মাধ্যমৰ আগত কয়, ‘মেছেকাৰ বাবে জলাভূমি থাকিব লাগে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সুন্দৰ জলাভূমি আছে। মেছেকাৰ বাবে জলাভূমিৰ প্ৰয়োজন সেই কথাটো জনাটো আমাৰ বাবে গুৰুত্বপূর্ণ।’
উদ্যানখনত বাঘৰ সংখ্যা নিৰ্ণয়ৰ বাবে স্থাপন কৰা কেমেৰাত মেছেকাও বন্দী হয়। ফলত উদ্যানখনত থকা মেছেকাৰ সংখ্যাও নিৰ্ধাৰণ কৰিব পৰা হৈছে। এই সম্পর্কত সঞ্চালিকা ঘোষে লগতে কয়, ‘কাজিৰঙাত থকা প্রতিটো প্ৰাণীৰ বাবে সুকীয়াকৈ জৰীপ চলোৱাটো সম্ভৱ নহয়। কাৰণ জৰীপবোৰ সময় নির্ধাৰিত হয়। আমি বাঘৰ জৰীপৰ বাবে স্থাপন কৰা কেমেৰাসমূহত ১৪ লক্ষাধিক ফটো বন্দী হয়।’
এই ফটোসমূহ বিশ্লেষণ প্রত্যাহ্বানজনক আছিল বুলি সদৰী কৰিছে বন্যপ্রাণী জীৱ বিজ্ঞানী তিৱাছা অধ্যাই। ফিছিং কেট প্রজেক্টৰো প্ৰতিষ্ঠাপক অধ্যায়ৰ মতে বাঘৰ সংখ্যা গণনাৰ বাবে কাজিৰঙাত স্থাপন কৰা কেমেৰাসমূহত ডাঙৰ জীৱ-জন্তুহে ধৰা পৰিছিল। গতিকে মেছেকাৰ দৰে সৰু প্ৰাণী এই কেমেৰাসমূহত বন্দী হ’লেও তাৰ ফটো বিশ্লেষণ কৰি চিনাক্ত কৰাটো একপ্ৰকাৰ অসম্ভৱ আছিল।
সেয়েহে একাংশই মন্তব্য কৰিছিল যে উক্ত জৰীপৰ জৰিয়তে নিৰ্ধাৰণ হোৱা সংখ্যাতকৈ মেছেকাৰ সংখ্যা কাজিৰঙাত অধিক। উল্লেখ্য যে ১৯৭২ বন্যপ্রাণী সুৰক্ষা আইন অনুসৰি মেছেকাক স্পৰ্শকাতৰ প্ৰাণীৰূপে চিহ্নিত কৰা হৈছে। চৰকাৰী তথ্য অনুসৰি এই প্ৰাণীবিধৰ বসতিস্থল উদ্বেগজনকভাবে হ্রাস পাবলৈ ধৰিছে। কাৰণ চৌদিশে জলাভূমি পুতি ঘৰ-দুৱাৰ নিৰ্মাণ বৃদ্ধি পাবলৈ ধৰিছে।
তদুপৰি দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত মেছেকা চিকাৰৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে। এই সন্দৰ্ভত জীৱ বিজ্ঞানী অধ্যাই কয়, ‘মেছেকাই বসতিস্থলৰূপে পানীৰে পৰিপূৰ্ণ পলসুৱা তৃণভূমি পছন্দ কৰে। শেহতীয়া কেতবোৰ অধ্যয়নত দেখা গৈছে যে আগন্তুক সময়ত এনে জলাভূমিৰ সংখ্যা হ্রাস পোৱাৰ আশংকা আছে।’
তৎসত্ত্বেও কাজিৰঙাত বৃহৎ সংখ্যক জলভূমি আছে। ইয়াৰ সুবাদত মেছেকাৰ সংখ্যা বৃদ্ধি পোৱা বুলি তেওঁ উল্লেখ কৰে। লক্ষ্যণীয়ভাবে মাছমৰীয়া সম্প্ৰদায়ৰ লোকে বাস কৰা অঞ্চলসমূহ মেছেকাৰ বাবেও উপযোগী। কাৰণ এনে লোকে সাধাৰণতে জলাহ ভূমি সংৰক্ষিত হৈ থকাটো বিচাৰে।
