জলসংকটৰ আশংকা : আঠ ৰাজ্যৰ সবাতোকৈ শোচনীয় অৱস্থা অসমত

Reservoirs

অসম, ত্ৰিপুৰাকে ধৰি দেশৰ আঠখন ৰাজ্যত জলসংকটে দেখা দিয়াৰ আশংকা প্রবল হৈছে। এই ৰাজ্যসমূহৰ নৈৰ বান্ধসমূহত উদ্বেগজনকভাবে হ্রাস পাবলৈ ধৰিছে পানীৰ পৰিমাণ। কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি অসম, গোৱা, কৰ্ণাটক, কেৰালম, মধ্য প্রদেশ, তামিলনাডু, ত্ৰিপুৰা আৰু পশ্চিমবংগত আছে ১৬৬ টা জলাধাৰ বা বান্ধ।

সম্প্রতি এই জলাধাৰসমূহত পানীৰ পৰিমাণৰ পূৰ্বৰ তুলনাত ৪০ শতাংশৰো অধিক হ্রাস পাইছে। ইয়াৰ দ্বাৰা সহজে বোধগম্য হয় যে পৰিস্থিতি কেনে জটিল হৈছে। উল্লেখ্য যে কেন্দ্রীয় জল আয়োগে এই জলাধাৰসমূহত জমা থকা পানীৰ পৰিমাণক লৈ সপ্তাহটোৰ প্ৰতি বৃহস্পতিবাৰে তথ্য প্ৰকাশ কৰি আহিছে।

এই জলাধাৰসমূহৰ ২০ টা জলবিদ্যুৎ প্ৰকল্পৰ স’তে সংযুক্ত হৈ আছে। অলপতে প্রকাশিত কেন্দ্রীয় জল আয়োগৰ তথ্য অনুসৰি এই শতাধিক জলাধাৰত সম্প্ৰতি জমা থকা পানীৰ পৰিমাণ হ’ল ৭১.০৮২ অর্বুদ ঘনমিটাৰ (বিচিএম)। ইয়াৰ বিপৰীতে জলাধাৰসমূহৰ মুঠ পানী ধাৰণ ক্ষমতা হ’ল ১৮৩.৫৬৫ বিচিএম।

ইয়াৰ দ্বাৰা দেখা যায় যে মুঠ থাকিব পৰা পানীতকৈ সম্প্রতি এই জলাধাৰসমূহত ৩৮.৭২ শতাংশ পানীহে জমা আছে। উল্লেখ্য যে যোৱা ন এপ্ৰিলত জলাধাৰসমূহত ৪৪.৭১ শতাংশ পানী জমা আছিল। অৱশ্যে যোৱা বছৰৰ তুলনাত এইবাৰ পৰিস্থিতি কিছু উন্নত বুলিও কেন্দ্রীয় জল আয়োগে প্রকাশ কৰিছে।

তৎসত্ত্বেও এই ক্ষেত্রত অসমৰ অৱস্থা সবাতোকৈ শোচনীয় বুলি জল আয়োগে আঙুলিয়াই দিছে। জল আয়োগৰ মতে অসমৰ জলাধাৰত স্বাভাৱিকতকৈ সম্প্রতি ৪৩ শতাংশ কম পানী মজুত আছে। অসমৰ এই জলাধাৰ কাৰ্বি আংলঙত আছে।

এই ক্ষেত্রত ১০ বছৰৰ হিচাপৰ ভিত্তিত স্বাভাৱিক অৱস্থা নির্ধাৰণ কৰা হয়। অসমৰ দৰে ত্ৰিপুৰাতো জলাধাৰত পানীৰ পৰিমাণ ৪২ শতাংশ হ্রাস পাইছে। কেৱল বান্ধৰ পানীয়েই নহয়, দেশৰ তিনিখন নৈৰ অৱবাহিকা অঞ্চলতো পানীৰ পৰিমাণ হ্রাস পাবলৈ ধৰিছে। কেন্দ্ৰীয় জল আয়োগৰ মতে যোৱা এপ্ৰিলত গংগা, গোদাবৰী আৰু নৰ্মদাৰ অৱবাহিকা অঞ্চলসমূহত স্বাভাৱিকতকৈ বহু কম পৰিমাণৰ পানী দেখা গ’ল।

গতিকে দেশৰ এক বৃহৎ অংশ জলসংকটৰ গৰাহত পৰাৰ আশংকা প্রবল হৈছে। উল্লেখ্য যে এইবাৰৰ শীতকালি অসমকে ধৰি দেশৰ বহু অঞ্চলত বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ বহু কম হয়।

Exit mobile version