ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

ঘূৰাই দিব লাগিব অতিৰিক্ত ধন

images 1 2

Donald Trump:✒️মাৰ্কিন বাণিজ্য আদালতত পুনৰ এক ডাঙৰ আঘাতৰ সন্মুখীন হ’ল ড’নাল্ড ট্ৰাম্প। তেওঁৰ শুল্ক নীতিক পূৰ্বেই বেআইনি বুলি ঘোষণা কৰিছিল মাৰ্কিন সুপ্ৰিম ক’ৰ্টে। এইবাৰ ট্ৰাম্পে আৰোপ কৰা ১০ শতাংশ আমদানি শুল্ককো অবৈধ বুলি ঘোষণা কৰিলে আদালতে।

১৯৭৪ চনৰ বাণিজ্য আইন উদ্ধৃত কৰি বিচাৰপতিসকলে স্পষ্টকৈ জনায় যে এই অতিৰিক্ত শুল্ক কোনোপধ্যেই যুক্তিসংগত নহয়।

আমেৰিকালৈ আমদানিকৃত সকলো সামগ্ৰীৰ ওপৰত যোৱা ২৪ ফেব্ৰুৱাৰীত ১০ শতাংশ শুল্ক আৰোপ কৰিছিল ট্ৰাম্পে। ইয়াৰ পূৰ্বে ২০২৫ চনত বিশ্বৰ প্ৰায় সকলো দেশৰ ওপৰত উচ্চ হাৰত শুল্ক আৰোপ কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।

কৰবাত যদি সেই শুল্কৰ হাৰ ৫০ শতাংশ, আন কৰবাত আকৌ ১৮ শতাংশলৈ বৃদ্ধি কৰা হৈছিল। ট্ৰাম্পৰ এই একপক্ষীয় সিদ্ধান্তৰ বিৰুদ্ধে আদালতত একাধিক গোচৰ ৰুজু হৈছিল। সেই গোচৰৰ শুনানিত মাৰ্কিন চুপ্ৰিম ক’ৰ্টে এই শুল্ক নীতিক বেআইনি বুলি ঘোষণা কৰে।

তাৰ পিছতেই সুপ্ৰিম ক’ৰ্টৰ সিদ্ধান্তৰ সমালোচনা কৰি ফেব্ৰুৱাৰীত পুনৰ ১০ শতাংশ আমদানি শুল্ক আৰোপ কৰিছিল ট্ৰাম্পে।

ট্ৰাম্পে আৰোপ কৰা এই শুল্কৰ বিৰুদ্ধে আমেৰিকাৰ ২৪খন ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে আদালতৰ কাষ চাপিছিল। বৃহস্পতিবাৰে এই গোচৰৰ ৰায়দান কৰি বিচাৰপতিসকলে কয় যে ১৯৭৪ চনৰ বাণিজ্য আইনৰ ১২২ নম্বৰ ধাৰা অনুসৰি ট্ৰাম্পে যি শুল্ক আৰোপ কৰিছিল, সেয়া সঠিকভাৱে প্ৰয়োগ কৰা হোৱা নাছিল। ফলত এই অতিৰিক্ত শুল্ক বাতিলযোগ্য বুলি গণ্য কৰা হয়।

আদালতৰ এই ৰায় ট্ৰাম্পৰ বাবে এক ডাঙৰ ৰাজনৈতিক আৰু আইনী আঘাত বুলি ধৰা হৈছে। লগতে এই সিদ্ধান্তৰ ফলত ব্যৱসায়ীসকলৰ পৰা সংগ্ৰহ কৰা অতিৰিক্ত ধনো এতিয়া ঘূৰাই দিব লাগিব ট্ৰাম্প প্ৰশাসনক।

অৱশ্যে আদালতৰ এই ৰায় প্ৰকাশ পোৱাৰ পাছতো নিজৰ পৰিচিত ভংগীতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ট্ৰাম্পে। তেওঁ কয়, “উগ্ৰ বাওঁপন্থী দুজন বিচাৰপতিয়ে এই সিদ্ধান্ত লৈছে। অৱশ্যে আদালতৰ এনে ৰায়ত এতিয়া আৰু আচৰিত নহওঁ। তেওঁলোকে এনে ৰায় দিয়ে, তাৰ পিছত আন পথ বাছি লোৱা হয়।”

তথাপিও আদালতৰ ৰায়দানৰ লগে লগে ১০ শতাংশ শুল্ক সম্পূৰ্ণৰূপে বাতিল হৈ যোৱা নাই। যিসকল সংস্থাই এই সিদ্ধান্তৰ বিৰুদ্ধে মামলা কৰিছিল, কেৱল তেওঁলোকেই আপাতত সকাহ লাভ কৰিব। আনহাতে, এই ৰায়ৰ বিৰুদ্ধে পুনৰ মাৰ্কিন সুপ্ৰিম ক’ৰ্টৰ কাষ চাপিব বুলি হুঁশিয়াৰি দিছে ট্ৰাম্পে।

Exit mobile version