Delhi:✒️ৰাজধানী দিল্লীৰ এটা প্রসিদ্ধ মন্দিৰ, এখন জনপ্ৰিয় ধাবা, আনকি হাৰিয়ানাৰ সেনা ছাউনিতো আক্ৰমণৰ লক্ষ্য। যদিও বিপদ সংঘটিত হোৱাৰ পূৰ্বেই পাকিস্তানৰ গুপ্তচৰ সংস্থা আন্তঃসেৱা গোয়েন্দা সংস্থা (Inter-Services Intelligence )(ISI)- য়ে গভীৰ ষড়যন্ত্ৰ ফাদিল কৰি বৃহৎ সফলতা লাভ কৰিলে দিল্লী আৰক্ষীয়ে।
অভিযান চলাই ৰাজধানীৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ‘পাক-সমৰ্থিত’ শাহজাদ ভট্টি মডিউলৰ ৯জন সন্ত্ৰাসবাদী। ধৃতসকলৰ ওচৰৰ পৰা উদ্ধাৰ হৈছে অস্ত্ৰ-শস্ত্ৰও।
আৰক্ষী সূত্ৰে প্ৰকাশ কৰা তথ্য অনুসৰি, তদন্তকাৰীয়ে জানিব পাৰিছে যে ধৃতসকলৰ ভিতৰত এজন অভিযুক্তই দিল্লীৰ এটা ঐতিহাসিক মন্দিৰৰ গোপনে ‘ৰেকি’ কৰিছিল। তাৰ পাছত ছ’চিয়েল মিডিয়াৰ জৰিয়তে পাকিস্তানত থকা হেণ্ডলাৰসকললৈ মন্দিৰ আৰু চৌহদৰ বিভিন্ন ছবি প্ৰেৰণ কৰিছিল।
অভিযোগ অনুসৰি, মন্দিৰটোত মোতায়েন থকা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীক লক্ষ্য কৰিয়েই আক্ৰমণৰ পৰিকল্পনা কৰা হৈছিল।
ইয়াৰ লগতে দিল্লী-সোনীপত হাইৱেৰ এখন অতি জনপ্ৰিয় ধাবাকো লক্ষ্য কৰি লোৱা হৈছিল। প্ৰতিদিনে শতাধিক লোকৰ ভিৰ হোৱা এই ধাবাত মুম্বাই আক্ৰমণৰ দৰে ভয়ংকৰ হত্যালীলা সংঘটিত কৰাৰ পৰিকল্পনা কৰা হৈছিল বুলি সন্দেহ কৰিছে তদন্তকাৰীয়ে।
আৰক্ষীৰ সন্দেহ, ধৃতসকলৰ স’তে আইএছআইৰ ঘনিষ্ঠ যোগাযোগ আছিল। তেওঁলোকৰ মোবাইল ফোন আৰু অন্যান্য ইলেকট্ৰনিক গেজেটৰ পৰা দিল্লীসহ উত্তৰ ভাৰতৰ কেবাখনো ৰাজ্যৰ সংবেদনশীল স্থানৰ ছবি আৰু গুৰুত্বপূর্ণ তথ্য উদ্ধাৰ কৰা হৈছে।
বিশেষকৈ, হিছাৰ অঞ্চলৰ এটা সেনা ছাউনীৰ ফটো আৰু ভিডিঅ’ ধৃতসকলৰ ওচৰত পোৱা গৈছে। ইয়াৰ উপৰিও উত্তৰ প্ৰদেশ(Uttar Pradesh)ৰ কেবাটাও থানাকো ‘টার্গেট লিষ্ট’ত ৰখা হৈছিল ।
অৱশ্যে দিল্লী আৰক্ষীৰ তৎপৰতাত এই বৃহৎ জেহাদি ষড়যন্ত্ৰ বৰ্তমান ব্যৰ্থ হৈছে। বৰ্তমান ধৃতসকলক জেৰা কৰি আৰু কোন কোন স্থানত আক্ৰমণৰ পৰিকল্পনা কৰা হৈছিল সেই তথ্য উলিয়াবলৈ চেষ্টা চলাইছে তদন্তকাৰী সংস্থাই।
লগতে এই চক্ৰটোৰ আন কোনো সদস্য এতিয়াও পলাতক হৈ আছে নেকি, সেই দিশটোও গভীৰভাৱে দেখা হৈছে।
