ধনু ভঙা পণ লৈ ২৮ বছৰ খালী ভৰিৰে আছিল আঙুৰবালা

পশ্চিমবংগত বিজেপিৰ জয়ৰ পাছতে পৰিধান কৰিলে ছেণ্ডেল

IMG 20260508 134639

Basanti:✒️ঠিক যেন ধনু ভঙা পণ আছিল। যেতিয়ালৈকে ৰাজ্যত বিজেপিৰ চৰকাৰ নহয়, তেতিয়ালৈকে তেওঁ ভৰিত জোতা-চেণ্ডেল নিপিন্ধে। এনে এক কঠোৰ প্ৰতিজ্ঞা কৰিছিল পশ্চিমবংগৰ এগৰাকী মহিলাই। সেই সময়ত ৰাজ্যত আছিল বাম শাসন। ক’বলৈ গ’লে তেতিয়া ৰাজ্যখনত বিজেপিৰ প্ৰায় অস্তিত্বই নাছিল। ইয়াৰ পাছত গংগাৰে অনেক পানী বৈ গৈছে। প্রায় তিনিটা দশক অতিবাহিত হৈছে।

অৱশেষত পশ্চিমবংগত বিজেপিয়ে বিধানসভা নির্বাচনত জয়ী হৈ ক্ষমতা দখল কৰিলে। ফলত সুদীর্ঘ ২৮ বছৰৰ পাছত চলচলীয়া চকুৰে ভৰিত চেণ্ডেল পিন্ধিলে আঙুৰবালা ছাউ নামৰ ৭২ বছৰীয়া বৃদ্ধাগৰাকীয়ে।

দক্ষিণ ২৪ পৰগনা জিলাৰ বাসন্তীৰ নিবাসী আঙুৰবালা পূৰ্বৰে পৰাই বিজেপিৰ আদর্শত বিশ্বাসী। ঘটনাৰ সূত্রপাত ১৯৯৮ত তৎকালীন বাম আমোলত। সেই সময়ত চিপিমৰ বিৰুদ্ধে বিজেপিৰ হৈ আঙুৰবালাই প্রতিদ্বন্দ্বিতা কৰিবলৈ বিচৰাত বহুতেই আচৰিত হৈ পৰে।

সেই নিৰ্বাচনত আঙুৰবালা পৰাজিত হয়। ইয়াৰ পাছতে নির্বাচন খেলাৰ ‘পুৰস্কাৰ’ৰূপে নানা লাঞ্ছনা-গঞ্জনা, অপমানৰ সন্মুখীন হৈছিল তেওঁ।

পশ্চিমবংগৰ মুখ্যমন্ত্রী আছিল জ্যোতি বসু। ৰাজ্যখনৰ সৰ্বত্রে তেতিয়া চিপিআই (এম) নেতা-কর্মীসকলৰ আধিপত্য। সেই সময়তে সংঘটিত হয় এক ঘটনা। সেই বছৰ ৰাজ্যখনত পঞ্চায়ত নির্বাচন হৈছিল। সেই সময়ত আঙুৰবালা মধ্য বয়সীয়া।

বিজেপিৰ টিকটত তেওঁ নিজৰ অঞ্চলত পঞ্চায়তৰ নিৰ্বাচনত প্রার্থী হৈছিল। সেই সময়ত চিপিএম ৰাজনীতিৰ মধ্যগগনত আছিল। চিপিমৰ বিৰুদ্ধে বিজেপিৰ হৈ আঙুৰবালাই প্রতিদ্বন্দ্বিতা কৰিবলৈ বিচৰাত বহুতেই আচৰিত হৈ পৰে।

সেই নির্বাচনত আঙুৰবালা পৰাজিত হয়। ইয়াৰ পাছতে নির্বাচন খেলাৰ ‘পুৰস্কাৰ’ৰূপে নানা লাঞ্ছনা-গঞ্জনা, অপমানৰ সম্মুখীন হৈছিল তেওঁ। সেইবোৰৰ তেওঁ প্ৰতিবাদ কৰা নাছিল যদিও মহিলাগৰাকী ভিতৰি অতি কঠোৰ হৈ পৰিছিল।

আঙুৰবালাই তেতিয়াই প্রতিজ্ঞা কৰিছিল যে যেতিয়ালৈকে বিজেপি ৰাজ্যৰ ক্ষমতালৈ নাহে, তেতিয়ালৈকে তেওঁ জোতা-চেণ্ডেল পৰিধান নকৰে। খালী ভৰিৰেই থাকিব। ঠাণ্ডা-গৰম-বৰষুণ একোৱেই তেওঁক হতোদ্যম কৰিব পৰা নাছিল। সকলো সময়তে তেওঁ খালী ভৰিৰেই ঘুৰি ফুৰিছিল। পৰিয়ালৰ লোক, আত্মীয়-স্বজনৰ পৰা আৰম্ভ কৰি প্ৰতিবেশীসকলেও তেওঁক চেণ্ডেল পৰিধান কৰিবলৈ প্ৰায়েই অনুৰোধ কৰিছিল।

অথচ তেওঁক নিজৰ সিদ্ধান্তৰ পৰা লৰচৰ কৰিব নোৱাৰিলে। এসময়ত পশ্চিমবংগত বাঁও চৰকাৰৰ পতন ঘটিল। মমতা বেনাৰ্জীৰ নেতৃত্বত তৃণমূল কংগ্ৰেছৰ চৰকাৰ হ’ল যদিও ৰাজ্যখনত বিজেপিৰ শক্তিও ক্রমান্বয়ে বৃদ্ধি পাবলৈ লৈছিল। তেতিয়াই আশাৰ পোহৰ দেখা পাইছিল আঙুৰবালাই।

এইদৰেই ২৮টা বছৰ অতিবাহিত হৈছিল। এতিয়া আঙুৰলতা এগৰাকী ৭২ বছৰীয়া বৃদ্ধা। চেহেৰাত বাৰ্ধক্যৰ ছাপ পৰিছে। এইবাৰ বিজেপিয়ে ৰাজ্যৰ ক্ষমতা দখল কৰিবলৈ সক্ষম হ’ল। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে সকলোৰে অনুৰোধত বৃদ্ধাগৰাকীয়ে এজোৰ নতুন চেণ্ডেল পৰিধান কৰে।

একাংশ স্থানীয় বিজেপি কৰ্মীয়ে আঙুৰবালাৰ ঘৰত উপস্থিত হৈ তেওঁৰ ভৰিত চেণ্ডেল পিন্ধাই দিয়ে। চেণ্ডেল পৰিধান কৰি এতিয়া আঙুৰবালা অত্যন্ত সুখী।

Exit mobile version