Ashok lahiri:✒️নীতি আয়োগৰ উপাধ্যক্ষ (ভাইচ চেয়াৰমেন) হিচাপে দায়িত্ব গ্ৰহণ কৰিলে অশোক লাহিড়ীয়ে। শুকুৰবাৰে নীতি আয়োগ ভৱনত নতুন দায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে প্ৰাক্তন বিজেপি বিধায়কগৰাকীয়ে।
২০২১ চনৰ বিধানসভা নিৰ্বাচনত পশ্চিমবঙ্গৰ বালুৰঘাট সমষ্টিৰ পৰা অশোক লাহিড়ীক প্ৰাৰ্থী কৰিছিল ভাৰতীয় জনতা পাৰ্টি (Bharatiya Janata Party )য়ে। সেই নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ। কিন্তু এইবাৰ তেওঁক পুনৰ প্ৰাৰ্থিত্ব দিয়া নহ’ল।
তাৰ পৰিৱৰ্তে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে তেওঁক নীতি আয়োগৰ ভাইচ চেয়াৰমেন হিচাপে নিযুক্তি দিয়ে।
পশ্চিমবঙ্গ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটগ্ৰহণৰ কিছুদিন পিছতেই অশোক লাহিড়ীৰ নাম নীতি আয়োগৰ ভাইচ চেয়াৰমেন হিচাপে ঘোষণা কৰা হৈছিল। নতুন দায়িত্ব লাভ কৰাৰ পিছতেই তেওঁ দিল্লীলৈ গৈ প্ৰধানমন্ত্ৰী মোদীৰ স’তেও সাক্ষাৎ কৰে।
অশোক লাহিড়ীয়ে ইয়াৰ পূৰ্বে ভাৰত চৰকাৰৰ অৰ্থনৈতিক উপদেষ্টা আৰু পঞ্চদশ অৰ্থ আয়োগৰ সদস্য হিচাপেও দায়িত্ব পালন কৰিছিল।
দিল্লীৰ ৰাজনীতি আৰু প্ৰশাসনিক ক্ষেত্ৰ এৰি পশ্চিমবঙ্গলৈ ঘূৰি আহিলেও প্ৰধানমন্ত্ৰীৰ স’তে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক অটুট আছিল বুলি ৰাজনৈতিক মহলত ধাৰণা কৰা হয়।
