Narendra Modi:✒️২০২৬ৰ আৰম্ভণিতে সোমনাথ মন্দিৰত প্ৰথম আক্ৰমণৰ সহস্ৰ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত সোমনাথ স্বাভিমান পর্বত অংশগ্ৰহণৰ বাবে সোমনাথ ভ্রমণ কৰিছিলো। ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদৰ দ্বাৰা পুনৰ নিৰ্মিত মন্দিৰ উদ্বোধনৰ ৭৫ বছৰীয়া জয়ন্তী উদ্যাপনৰ বাবে অহা ১১ মে’ত সোমনাথলৈ পুনৰ যাম।
ছমাহতকৈ কম সময়ৰ ভিতৰতে সোমনাথৰ ইতিহাসৰ স’তে জড়িত এই দুটা উল্লেখযোগ্য মাইলৰ খুঁটিৰ সাক্ষী হোৱাটো মোৰ বাবে এক সৌভাগ্যৰ কথা।সোমনাথে আমাক সভ্যতাৰ বাৰ্তা দিয়ে। ইয়াৰ সন্মুখৰ বিশাল সাগৰখনে আমাক কালজয়িতাৰ অনুভৱ দিয়ে।ঢৌবোৰে আমাক কয় যে ধুমুহা যিমানেই তীব্র নহওক কিয় বা জোৱাৰ ভাটা যিমানেই অশান্ত নহওক কিয়, সদায় মর্যাদা আৰু শক্তিৰে সকলোৰে পুনৰুথান ঘটিব পাৰে। ঢৌবোৰ পাৰলৈ উভতি আহে, ই প্রতিটো প্রজন্মক যেন সোঁৱৰাই দিয়ে যে মানুহৰ উদ্যমক বেছিদিনলৈ দমন কৰি ৰাখিব নোৱাৰি।
আমাৰ প্ৰাচীন শাস্ত্ৰবোৰত কোৱা হৈছে-প্রভাসম দুই পৰিক্ৰম্য পৃথ্বিক্রম সম্ভৱ। অর্থাৎ ঐশ্বৰিক প্রভাস (সোমনাথ) ক প্রদক্ষিণ কৰাটো সমগ্র পৃথিৱী প্রদক্ষিণ কৰাৰ সমতুল্য। মানুহ ইয়ালৈ প্রার্থনা কৰিবলৈ আহে, সেই সভ্যতাৰ আশ্চর্যজনক ধাৰাবাহিকতাও অনুভৱ কৰে, যাৰ শিখা কেতিয়াও নির্বাপিত হোৱা নাই। সাম্রাজ্যবোৰৰ উত্থান-পতন হৈয়ে আছে, সময়-চক্র সলনি হৈছে, বিজয় আৰু অস্থিৰতাৰ সময়ছোৱাৰ মাজেৰে পাৰ হৈ গৈছে ইতিহাস, তথাপি সোমনাথ আমাৰ চেতনাত অটল হৈ আছে।
অত্যাচাৰৰ সন্মুখত দৃঢ়তাৰে থিয় দি থকা অগণন মহান ব্যক্তিসকলক স্মৰণ কৰাৰ এয়াই সময়। ইয়াৰ ভিতৰত প্রভাসক দৰ্শনৰ এক মহান কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা লাকুলিছা আৰু সোম শর্মান উল্লেখযোগ্য। বল্লভীৰ চতুৰ্থ চক্ৰৱৰ্তী মহাৰাজ ধাৰসেনাই তাত কে’বাশতিকাৰ আগতে দ্বিতীয়টো মন্দিৰ নিৰ্মাণ কৰিছিল। আগ্রাসনৰ বিৰুদ্ধে সভ্যতাৰ সন্মান ৰক্ষা কৰাৰ বাবে ভীম দেৱ, জয়পাল আৰু আনন্দপাল সদায় স্মৰণীয় হৈ থাকিব। ৰজা ভোজেও ইয়াক পুনৰ নিৰ্মাণ কৰাত সহায় কৰা বুলি কোৱা হয়।
গুজৰাটৰ ৰাজনৈতিক আৰু সাংস্কৃতিক শক্তি পুনৰুদ্ধাৰত কৰ্ণদেৱ আৰু সিদ্ধৰাজ জয়াসিংহৰ গুৰুত্বপূর্ণ ভূমিকা আছিল। ভর বৃহস্পতি, কুমাৰপাল সোলাংকী আৰু পাশুপাত আচাৰ্যসকলে এই তীর্থ পুনৰ নিৰ্মাণ কৰি পূজা আৰু শিক্ষাৰ এক মহান কেন্দ্ৰৰূপে সংৰক্ষণ কৰিছিল। বিশালদের বাঘেলা আৰু ত্ৰিপুৰাণ্টাকে ইয়াৰ বৌদ্ধিক আৰু আধ্যাত্মিক পৰম্পৰা ৰক্ষা কৰিছিল।
মহিপালদেৱ আৰু ৰা খাংগৰে ইয়াত পূজা-অর্চনা বিনষ্ট হোৱাৰ পাছত ইয়াক পুনৰুজ্জীৱিত কৰাত মুখ্য ভূমিকা পালন কৰিছিল। তিনিশ বছৰীয়া জয়ন্তী উদ্যাপন কৰা পুণ্যশ্লোক অহিল্যাবাই হোলকাৰে অতি জটিল সময়তো ভক্তিৰ ধাৰাবাহিকতা নিশ্চিত কৰিছিল। তীর্থযাত্ৰীৰ অধিকাৰ ৰক্ষা কৰা বৰোদাৰ গায়েকৱাড় সকলো আছিল অন্যতম। নিঃসন্দেহে বীৰ হামিৰজী গোহিল আৰু বীৰ ভেগদাজী ভীলৰ দৰে সাহসী ব্যক্তিক স্মৰণ কৰি আজি আমাৰ ভূমি ধন্য; যাৰ ত্যাগ আৰু সাহস হৈ পৰিছে সোমনাথৰ জীৱন্ত স্মৃতিৰ অংগ।
১৯৪০ত সমগ্ৰ ভাৰততে স্বাধীনতাৰ মনোভাব বিয়পি পৰাত আৰু চৰ্দাৰ পেটেলৰ দৰে মহান ব্যক্তিৰ নেতৃত্বত নতুন গণৰাজ্যৰ ভেটি স্থাপন হোৱাৰ লগে লগে এটা কথাই তেওঁক অহৰহ অশান্তি দিছিল, সেয়া হৈছে সোমনাথৰ অৱস্থা। ১৯৪৭ৰ ১৩ নৱেম্বৰত দীপাৱলীৰ সময়ত তেওঁ মন্দিৰৰ ছিন্ন-ভিন্ন ধ্বংসাৱশেষৰ কাষত হাতত সাগৰৰ পানী লৈ থিয় হৈ প্রতিজ্ঞা কৰে, (গুজৰাটী) নৱবৰ্ষৰ এই শুভক্ষণ উপলক্ষে আমি সিদ্ধান্ত লৈছো যে সোমনাথৰ পুনৰ নিৰ্মাণ কৰা হ’ব। আপোনালোক সৌৰাষ্ট্ৰবাসীয়ে যৎপৰোনাস্তি চেষ্টা কৰক। এইটো এটা পরিত্র কাম, য’ত সকলোৱে অংশগ্ৰহণ কৰা উচিত।’ ইয়াৰ ফলত কেৱল গুজৰাটৰ জনসাধাৰণেই নহয়, চৰ্দাৰ পেটেলৰ একক আহ্বানৰ প্ৰতি উৎসাহেৰে সঁহাৰি জনাইছিল সমগ্র ভাৰতৰ জনসাধাৰণে।
দুর্ভাগ্যজনকভাবে চৰ্দাৰ পেটেলে যি সপোনৰ বাবে ইমান তীব্ৰতাৰে যুঁজিছিল, সেই সপোন বাস্তবায়িত কৰিবলৈ ভাগ্যই চৰ্দাৰ পেটেলক সুযোগ নিদিলে। পুনৰনিৰ্মিত সোমনাথ মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে মুকলি হোৱাৰ আগতেই তেওঁ এই পৃথিৱী এৰিছিল। তথাপি প্রভাস পাটনৰ পৱিত্ৰ পাৰত তেওঁৰ প্ৰভাৱ অনুভূত হৈয়ে থাকিল। তেওঁৰ সপোনক আগুৱাই লৈ গৈছিল নৱনগৰৰ জাম চাহেবৰ উদাৰ সহযোগিতা লাভ কৰা শ্ৰী কে এম মুন্সীয়ে। ১৯৫১৩ মন্দিৰৰ নিৰ্মাণ সম্পূর্ণ হোৱাৰ লগে লগে ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্রসাদক ইয়াৰ উদ্বোধনী অনুষ্ঠানৰ বাবে আমন্ত্রণ জনোৱাৰ সিদ্ধান্ত লোৱা হয়। তদানীন্তন প্রধানমন্ত্রী পণ্ডিত নেহৰুৰ তীব্ৰ বিৰোধিতা সত্ত্বেও ড° প্রসাদে তেওঁৰ উপস্থিতিৰে শোভাবর্ধন কৰি অনুষ্ঠানটোক আৰু অধিক বিশেষ তথা ঐতিহাসিক কৰি তুলিছিল।
মোৰ মনত আছে, ২০০১ৰ অক্টোবৰত যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিলো, একেটা বৰ্ষৰে ৩১ অক্টোবৰত চৰ্দাৰ পেটেলৰ জয়ন্তীৰ দিনা গুজৰাট চৰকাৰে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰাৰ গৌৰৱ লাভকৰিছিল। এই অনুষ্ঠান ভক্তসকলৰ বাবে সোমনাথ মন্দিৰ মুকলি কৰাৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে অনুষ্ঠিত হৈছিল। কাকতালীয়ভাৱে এই অনুষ্ঠানটো আছিল চৰ্দাৰ পেটেলৰ ১২৫ সংখ্যক জয়ন্তীৰ লগত সংগতিপূর্ণ। উক্ত অনুষ্ঠানত উপস্থিত আছিল তদানীন্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ী আৰু তেতিয়াৰ গৃহমন্ত্রী লালকৃষ্ণ আদবানী।
১৯৫১ৰ ১১ মে’ত দিয়া ভাষণৰ সময়ত ড° প্রসাদে কয় যে সোমনাথ মন্দিৰে সমগ্র বিশ্বলৈ এটা বার্তা প্ৰেৰণ কৰে যে অতুলনীয় ভক্তি আৰু প্ৰেমৰ লগত জড়িত যিকোনো বস্তু কেতিয়াও ধ্বংস হ’ব নোৱাৰে। ৰাইজৰ অন্তৰত মন্দিৰটো সদায় সজীৱ হৈ থাকিব বুলিও আশা প্রকাশ কৰে তেওঁ। তেওঁ লগতে কয় যে মন্দিৰটো পুনৰুদ্ধাৰেৰে চৰ্দাৰ পেটেলৰ সপোন পুৰণ হৈছিল, কিন্তু সেই মনোভাবক আগুৱাই নিয়াৰ বাবে জনসাধাৰণৰ জীৱনলৈ সমৃদ্ধি ঘূৰাই অনাটো অপৰিহাৰ্য। এয়া আছিল তেওঁ আগবঢ়োৱা কিছুমান গুৰুত্বপূৰ্ণ আৰু প্ৰেৰণাদায়ক বার্তা।
এটা দশকৰো অধিক সময় ধৰি আমি এই পথ অনুসৰণ কৰি আহিছো। ‘উন্নয়নৰ লগতে ঐতিহ্য’ৰ নীতিৰ পৰা অনুপ্রাণিত হৈ আমাৰ দলটোৱে আমাৰ আধ্যাত্মিক কেন্দ্ৰসমূহ- সোমনাথৰ পৰা কাশীলৈ, কামাখ্যাৰ পৰা কেদাৰনাথলৈ, অযোধ্যাৰ পৰা উজ্জয়িনীলৈ, ত্ৰিম্বকেশ্বৰৰ পৰা শ্ৰীশৈলামলৈ-এইসমূহৰ পৰম্পৰাগত চৰিত্ৰ অক্ষুণ্ণ ৰাখি আধুনিক সুবিধাৰে সজ্জিত কৰাৰ সুযোগ লাভ কৰিছো। ইয়াৰ লগতে যোগাযোগ উন্নত কৰাৰ প্ৰচেষ্টাৰ জৰিয়তে অধিকসংখ্যক লোকে এই স্থানসমূহ ভ্রমণ কৰাটোও নিশ্চিত কৰা হৈছে। ইয়াৰ ফলত স্থানীয় অর্থনীতি বৃদ্ধি পায়, মানুহৰ জীৱিকা সুৰক্ষিত হয় আৰু ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’ৰ মনোভাব সুগভীৰ হয়।
সোমনাথক ৰক্ষা কৰিবলৈ আৰু বাৰে বাৰে পুনৰ নিৰ্মাণ কৰিবলৈ প্ৰাণ আহুতি দিয়াসকলৰ সংগ্রাম তথা ত্যাগ কেতিয়াও পাহৰিব নোৱাৰি। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন লোকে ইয়াৰ গৌৰৱ পুনৰুদ্ধাৰত অৰিহণা যোগাইছে। তেওঁলোকে ভাৰতৰ প্ৰতিটো অংশক পবিত্র বুলি গণ্য কৰে, ভুগোল অতিক্রম কৰা একতাৰ বান্ধোনেৰে বান্ধ খাই আছে। সঘনাই বহুধা বিভক্ত পৃথিৱীখনত এই ঐক্যৰ মনোভাব আগৰ তুলনাত অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। সোমনাথে নিজৰ সমস্ত গৌৰৱৰে সদায় শিখৰত থিয় দিব। কাৰণ প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত একতাৰ মনোভাব আৰু সভ্যতাৰ চেতনা সজীৱ হৈ আছে। ইয়াৰ প্রতি শ্রদ্ধাঞ্জলি স্বৰূপে হেজাৰ বছৰৰ এই অসাধাৰণ সাহসক স্মৰণ কৰি পৰৱৰ্তী সহস্ৰ দিনৰ বাবে সোমনাথত বিশেষ পূজা অনুষ্ঠিত হ’ব। এই পূজা-অর্চনাসমূহৰ বাবেও বহু লোকে দান-বৰঙণি আগবঢ়াইছে, সেয়া দেখি মনটো আনন্দৰে ভৰি পৰিছে।
এই বিশেষ সময়ত মোৰ সতীর্থ ভাৰতীয়সকলক সোমনাথ ভ্রমণ কৰিবলৈ আহ্বান জনাইছো। যেতিয়া আপুনি সোমনাথৰ পাৰত থিয় হ’ব, তেতিয়া ইয়াৰ প্রাচীন প্রতিধ্বনি অনুভৱ কৰিব। আপুনি কেৱল ভক্তিৰে আপ্লুত হোৱাই নহয়, চিৰদিনে অম্লান এক সভ্যতাৰ প্ৰৱল স্পন্দন অনুভৱ কৰিব, যিটো অভেদ্য আৰু অটল। ইয়াৰ লগতে আপুনি ভাৰতৰ অজেয় মনোভাব অনুভৱ কৰিব আৰু বুজিব যে আমাৰ সংস্কৃতি কিয় সকলো বিপদৰ মাজতো অদম্য হৈ আছে আৰু আপুনি চিৰন্তন বিজয়ৰ দৃশ্য প্রত্যক্ষ কৰাৰ সুযোগ পাব। এয়া নিশ্চয় চিৰদিন স্মৰণীয় হৈ ৰ’ব।
জয় সোমনাথ।
