Dibrugarh:ডিব্ৰুগড় আৰক্ষীৰ অভিযানত মাৰ্ঘেৰিটাত আটক চাৰি মানৱ অংগ সৰবৰাহকাৰী

WhatsApp Image 2026 05 08 at 2.19.45 PM

Dibrugarh:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ৰাজ্যত শেহতীয়াকৈ সংগোপনে বৃদ্ধি পাইছে মানৱ অংগ সৰবৰাহকাৰীৰ কুজকাৱাজ । এইক্ষেত্ৰত সময়ে সময়ে উদ্থাপিত অভিযোগ অনুসৰি সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন । পূব অসমত মানৱ অংগ সৰবৰাহৰ এটা চক্ৰই বিগত কিছুদিন ধৰি তৎপৰ হৈ থকাৰ সম্ভেদ লাভ কৰি ডিব্ৰুগড় আৰক্ষীয়ে বিশেষ তথ্যৰ ভিত্তিত মাৰ্ঘেৰিটাত অৰ্তকিতে অভিযান চলাই চাৰি কুখ্যাত মানৱ অংগ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত সৰবৰাহকাৰী কেইটাক ডিব্ৰুগড় থানাত অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Exit mobile version