Kaziranga:চলিত পৰ্যটনবৰ্ষত সৰ্বকালৰ অভিলেখ ভংগ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ

কাজিৰঙালৈ আগমন ৪,৬৮, ১৮৭গৰাকী পৰ্যটকৰ

WhatsApp Image 2026 05 08 at 12.50.23 PM 1

Kaziranga:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে খ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যই চলিতবৰ্ষত এক সৰ্বকালৰ অভিলেখ ভংগ কৰিলে ৷ ৰাষ্ট্ৰীয় উদ্যান খন চলিতবৰ্ষত পৰিদৰ্শন কৰিলে প্ৰায় ৪,৬৮, ১৮৭গৰাকী পৰ্যটকে ৷ ইয়াৰে বিদেশী পৰ্যটকৰ সংখ্যা আছিল প্ৰায় ৩০.৪৭৪ গৰাকী ৷

উল্লেখ্য যে ৰাষ্ট্ৰীয় উদ্যান খনত দিনক দিনে বৃদ্ধি পাইছে বাঘ আৰু এশিঙিয়া গড়ক সংখ্যা। যাৰবাবে বৃদ্ধি পাইছে দেশ- বিদেশৰ পৰ্যটকৰো সংখ্যা ৷ শেহতীয়াকৈ জীপ চাফাৰী কৰা পৰ্যটকে নামমাত্ৰ দূৰত্বৰ পৰা সহজেই প্ৰত্যক্ষ কৰি আহিছে বনৰজাক ৷

স্মতৰ্ৱ্য যে ৰাষ্ট্ৰীয় উদ্যান খনত চলিত পৰ্যটনবৰ্ষৰ বাবে ইতিমধ্যে বন্ধ কৰা হৈছে হাতী চাফাৰী ৷ অৱশ্যে পৰৱৰ্তী পৰ্যটনবৰ্ষত পুনৰ পূৰ্বৰ দৰে পুনৰ নিয়মীয়া হ’ব হাতী চাফাৰী ৷

Exit mobile version