Nagarbera:ন্যায়ালয়ৰ নির্দেশত ভখুৰাদিয়াত পুতি পেলোৱা হ’ল ৫২৩ বস্তা সুলভমূল্যৰ চাউল

২০২৪ত চাউলখিনি জব্দ কৰা হৈছিল

WhatsApp Image 2026 05 08 at 4.40.59 PM

Nagarbera:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-মহামান্য আদালতৰ নির্দেশত কামৰূপ জিলা প্রশাসনে জিলাখনৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত ভখুৰাদিয়াত জব্দকৃত বৃহৎ পৰিমাণৰ সুলভ মূল্যৰ চোৰাং চাউল গাঁত খান্দি পুতি থয়। কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পুনম পেণ্ড, ৰাজহ চক্র বিষয়া মৃগাক্ষী দাস, বকো সমজিলাৰ আৰক্ষী অধীক্ষক জান কিশোৰ গগৈ, কামৰূপ জিলাৰ যোগান পৰিদৰ্শক অজয় আগৰৱালা, ছয়গাঁও আৰক্ষী চক্ৰ পৰিদৰ্শক নুমাল পাইট, নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰজিৎ দাস আৰু টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চম্পক কলিতাসহ আৰক্ষী আৰু জিলা প্ৰশাসনৰ এটা বৃহৎ দলৰ উপস্থিতিত জব্দকৃত বৃহৎ পৰিমাণৰ চাউল গাঁত খান্দি পুতি থয়।

উল্লেখ্য যে কামৰূপ জিলাৰ তেতিয়াৰঅতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত এটা উচ্চপদস্থ দলে ২০২৩ত টুপামাৰীত অভিযান চলাই এটা গুদাম ঘৰৰ পৰা ৫২৩ বস্তা বগা চাউল জব্দ কৰিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৪৬/২৩ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখে। পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত এই জব্দকৃত চাউলখিনি সুলভমূল্যৰ চাউল আছিল বুলি নিশ্চিত হয়। তদন্তকাৰী দলটোৱে চাউলখিনি জব্দ কৰি টুপামাৰীত গুদামঘৰতে ছীল কৰি থৈছিল। দীর্ঘদিন উক্ত গুদামঘৰতে চাউলখিনি থকাত বহু চাউল গেলি-পচি নষ্ট হোৱাৰ লগতে দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হয়।

সমগ্ৰ বিষয়টো আদালতৰ মজিয়াত বিচাৰাধীন হৈ থকাত শেহতীয়াকৈ জিলা প্রশাসনৰ এটি উচ্চপদস্থ বিষয়াৰ দলে টুপামাৰীত উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত ছীল কৰা গুদাম ঘৰটো খুলি চাউলখিনি উলিয়ায়। দণ্ডাধীশৰ উপস্থিতিতে প্রশাসনে চাউলখিনি কে’বাখন ট্ৰেক্টৰৰে নগৰবেৰা পাহাৰৰ সমীপৰ ভখুৰাদিয়াৰ এটি নির্জন ঠাইত গাঁত খান্দি পুতি থয়।

Exit mobile version