Suvendu Adhikari will be the new CM of WB:শুভেন্দূ অধিকাৰী হ’ব বংগৰ মুখ্যমন্ত্ৰী

কলকাতাত অনুষ্ঠিত বিজেপি বিধায়িনী বৈঠকত অধিকাৰীক দলপতি হিচাপে নিৰ্বাচিত কৰা হয়, শনিবাৰে বংগত প্ৰথমবাৰৰ বাবে গঠন হ'ব নতুন চৰকাৰ

WhatsApp Image 2026 05 08 at 5.26.17 PM

Suvendu Adhikari will be the new CM of WB:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-সকলো জল্পনাকল্পনাৰ অন্ত পেলাই বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হৈছে শুভেন্দু অধিকাৰী। তেওঁ হ’ব পশ্চিমবংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। শুকুৰবাৰে আবেলি কলকাতাত অনুষ্ঠিত বিজেপি বিধায়ানী দলৰ বৈঠকত পশ্চিমবংগৰ বিজেপিৰ ৰাজ্যিক সভাপতি সমীক ভট্টাচাৰ্যই বিধায়িনী দলৰ নেতা হিচাপে অধিকাৰী নাম প্ৰস্তাৱ কৰাৰ বিপৰীতে উপস্থিত সকলো বিধায়কে সমৰ্থন আগবঢ়াই ৷ বিধায়িনী দলৰ বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু সহ-পৰ্যবেক্ষক উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝী।

উল্লেখ্য যে অমিত শ্বাহে বৈঠকত আঠটা প্ৰস্তাৱ আৰু সমৰ্থিত প্ৰস্তাৱ লাভ কৰাৰ পিছত উপস্থিত সকলো বিধায়কে সমস্বৰে শুভেন্দু অধিকাৰী নামটো গ্ৰহণ কৰে ৷ অৱশ্যে বিধায়িনী বৈঠকত দলপতিৰ বাবে কোনো নাম প্ৰস্তাৱ কৰা হোৱা নাছিল।

মনকৰিবলগীয়া যে সদ্য সমাপ্ত নিৰ্বাচনত শুভেন্দু অধিকাৰীয়ে নিজৰ দুৰ্গ ভৱানীপুৰত মমতা বেনাৰ্জীক পৰাস্ত কৰে। শুভেন্দু অধিকাৰীয়ে ৭৩,৯১৭টা ভোট লাভ কৰাৰ বিপৰীতে মমতা বেনাৰ্জীয়ে লাভ কৰে ৫৮,৮১২টা ভোট । অৰ্থাৎ মমতা বেনাৰ্জী ১৫,১০৫ ভোটৰ ব্যৱধানত পৰাভূত হয় ৷  ইয়াৰ পূৰ্বে ২০২১ চনৰ বিধানসভা নিৰ্বাচনতো শুভেন্দু অধিকাৰীয়ে নন্দিগ্ৰামত মমতা বেনাৰ্জীক পৰাস্ত কৰিছিল।

Exit mobile version