Tamilnadu:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:একতাৰ বিৰল নিদর্শন দাঙি ধৰিলে ডিএমকেসহ তামিলনাডুৰ বিভিন্ন দলে। সদ্য সমাপ্ত বিধানসভা নির্বাচনত সর্বাধিক সংখ্যক আসন লাভ কৰা দক্ষিণ ভাৰতীয় কথাছবিৰ বলিষ্ঠ অভিনেতা টি বিজয় নেতৃত্বাধীন টিভিকেক চৰকাৰ গঠন কৰিবলৈ ৰাজ্যপালে সুযোগ নিদিয়াক লৈ ৰাজ্যখনত তীব্র ক্ষোভৰ সৃষ্টি হৈছে। ইয়াকে লৈ বিভিন্ন দল সৰৱ হৈ উঠিছে। বৃহস্পতিবাৰে পুৱাও বিজয়ে দ্বিতীয়বাৰৰ বাবে ৰাজ্যপাল আৰ ভি আলেকাৰক চৰকাৰ গঠনৰ দাবী লৈ সাক্ষাৎ কৰে যদিও তেওঁৰ ওচৰত প্ৰয়োজনীয় ১১৮ জন বিধায়কৰ সমর্থন থকা বুলি মানি ল’বলৈ ৰাজ্যপালে অস্বীকাৰ কৰে। ফলত ৰাজ্যখনত নতুন চৰকাৰ গঠনক লৈ অচলাবস্থা বিৰাজ কৰি আছে।
উল্লেখ্য যে সদ্য সমাপ্ত নির্বাচনত মুঠ ২৩৪ আসনৰ ১০৮ খনত জয়লাভ কৰে থলপতি বিজয়ৰ নৱগঠিত টিভিকে দলে। সেই সুত্রে দলটো বৃহত্তম দলত পৰিণত হয় যদিও ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে এটা দলক ১১৮ জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। ইতিমধ্যে কংগ্রেছে সমর্থন আগবঢ়োৱাত তেওঁ ১১৩ জন বিধায়কৰ সমৰ্থন লাভ কৰিছে। কাৰণ কংগ্ৰেছৰ পৰা এইবাৰ পাঁচজনে জয়লাভ কৰে। তদুপৰি চিপিআই, চিপিএম আৰু ভিচিকে দলেও বিজয়লৈ সমৰ্থন আগবঢ়াইছে ৷ এই তিনিদলৰ দুজনকৈ বিধায়ক নিৰ্বাচিত হৈছে।
মনকৰিবলগীয়া যে তামিলনাডুত চৰকাৰ গঠনক লৈ সৃষ্টি হোৱা স্থবিৰতাও শনিবাৰে শেষ হ’ব পাৰে। অৱশ্যে ভিচিকে নেতা এছ এছ বালাজীয়ে উল্লেখ কৰিছে যে তেওঁৰ দলে এতিয়াও টিভিকেক সমৰ্থন কৰাৰ সিদ্ধান্ত লোৱা নাই। টিভিক দলে বিজেপি বা আৰএছএছৰ হেঁচাত বলি নহ’ব বুলি আশ্বাস দিলেহে তেওঁ সমৰ্থনৰ কথা বিবেচনা কৰিব। বালাজীয়ে লগতে কয় যে ৰাজ্যপালে চৰকাৰ গঠনৰ বাবে টিভিকেৰ মুৰব্বী বিজয়ক আমন্ত্ৰণ জনাব লাগে।
আনহাতে এনে ঘটনাক্ৰমৰ মাজতে চেন্নাইৰ লোক ভৱনৰ বাহিৰত তামিলনাডুৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে টিভিকে সমৰ্থকে। বিধানসভা নিৰ্বাচনত টিভিকেৰ মুৰব্বী বিজয়ক পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে নিমন্ত্ৰণ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই এই প্ৰতিবাদী কাৰ্যসূচী। অৱশ্যে পিছত আৰক্ষীয়ে তেওঁলোকক ঘটনাস্থলীৰ পৰা আঁতৰাই আনে।
আনহাতে টিভিকেক লক্ষ্য কৰি এআইএডিএমকেৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ কোভাই সাথিয়ানে কয় যে টিভিকে নিজেই স্বীকাৰ কৰিছে যে তেওঁলোক ১০৮খন আসনৰে সৰ্ববৃহৎ দল আৰু ৫খন আসনৰ সমৰ্থন আছে। গতিকে ৰাজ্যপালৰ কৰ্তব্য যে “বাকী পাঁচটা ক’ত?” সংখ্যাগৰিষ্ঠতাৰ বাবে ১১৮খন আসনৰ প্ৰয়োজন আৰু কংগ্ৰেছৰ পৰা পাঁচখন আসন যোগ কৰিলে টিভিকে কোনো লাভ নহ’ব।
ইপিনে শেহতীয়া খবৰ অনুসৰি আজি টিভিকেক সমৰ্থনৰ ক্ষেত্ৰত সিদ্ধান্ত ল’ব ভিচিকে। আজি সন্ধিয়া চেন্নাইত অনুষ্ঠিত হ’ব বিদুথলাই চিৰুথাইগাল কট্চিৰ উচ্চ পৰ্যায়ৰ সমিতিৰ বৈঠক। আনুষ্ঠানিকভাৱে ডি এম কে মিত্ৰজোঁটৰ অংশ ভিচিকে ৰাজ্য বিধানসভা নিৰ্বাচনত দুখন আসন লাভ কৰে। হয়তো বিজয়ৰ দল টিভিকেক সমৰ্থন কৰাৰ কথা চিন্তা কৰিব দলটোৱে ৷
