তামিলনাডুত নতুন যুগৰ সূচনা! 

মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ বিজয় থালাপতিৰ

তামিলনাডুৰ ৰাজনীতিত আৰম্ভ হ’ল এক নতুন অধ্যায়। জনপ্ৰিয় অভিনেতা তথা তামিলাগা ভেট্ট্রি কাঝাগম (TVK)ৰ মুৰব্বী বিজয় থালাপতিয়ে আজি ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

চেন্নাইৰ জৱাহৰলাল নেহৰু ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত বৰ্ণাঢ্য শপতগ্ৰহণ অনুষ্ঠানত হেজাৰ হেজাৰ অনুৰাগী, সমৰ্থক আৰু দলীয় কৰ্মীৰ উপস্থিতিয়ে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।

বিজয় থালাপতিৰ মুখ্যমন্ত্ৰী হিচাপে অভিষেকক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যজুৰি দেখা যায় ব্যাপক উচ্ছ্বাস। অনুষ্ঠানস্থলীত সমৰ্থকসকলৰ জয়ধ্বনি, পতাকা আৰু উদযাপনে ৰাজনৈতিক ইতিহাসৰ এক বিশেষ মুহূর্তৰ সাক্ষী হয় তামিলনাডু।

চলচ্চিত্ৰ জগতৰ তাৰকাৰ পৰা ৰাজ্যৰ শীৰ্ষ ৰাজনৈতিক নেতৃত্বলৈ বিজয়ৰ এই যাত্ৰাক বহুতে “তামিলনাডুৰ ৰাজনীতিত নতুন যুগৰ সূচনা” বুলি অভিহিত কৰিছে।

Exit mobile version