চীন ভাৰতৰ সীমান্তত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত এতিয়াও উত্তেজনা অব্যাহত আছে। উত্তেজনাৰ মাজতে চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ৬০,০০০ হেজাৰতকৈ অধিক সৈন্য নিয়োগ কৰিছে ৷এই মন্তব্য আমেৰিকাৰ বিদেশ মন্ত্ৰী মাইক পম্পিয়’ৰ । পম্পিয়’ৰ মতে এইয়া চীনৰ “নিকৃষ্ট কাণ্ড”
ADVERTISEMENT
উল্লেখযোগ্য যে চীন তথা বিভিন্ন বিষয়ৰ আলোচনাৰ কাৰণে টকিঅ’ত এখল সভা অনুষ্ঠিত হয় ৷ এই সভাত আলোচনা আমেৰিকা, জাপান,ভাৰত আৰু অষ্ট্ৰেলিয়াই ভাগ লয়।
আনহাতে ভাৰত চীন সীমান্তৰ উত্তেজনা বিগত পাঁচমাহ ধৰি অব্যাহত আছে ৷সীমান্তত ইখনৰ পাছত সিখন বৈঠক অনুষ্ঠিত হ’লে উত্তেজনা হ্ৰাস হোৱা নাই। ইয়াৰ মাজত আমেৰিকাৰ বৈদেশিক মন্ত্ৰীৰ ভাষ্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে।