ৰাজ্যৰ ১৩টা সমষ্টিত দলীয় প্ৰাৰ্থী প্ৰক্ষেপৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে অসম ৰাজ্যিক বিজেপিয়ে । মিত্ৰদল বি পি এফৰ বাবে কোকৰাঝাৰ লোক সভা সমষ্টিক বাদ দি ৰাজ্যৰ প্ৰতিটো সমষ্টিতে দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ সাজু হৈছে বিজেপি ।
ADVERTISEMENT
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতত অহা ১২ মাৰ্চত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ অধ্যক্ষ তাত অনুষ্ঠিত হব বৈঠক। বৈঠকত ১৩টা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰিব দলেটোৱে। আজি দৈনিক অগ্ৰদূত’ত এই কথা অৱগত কৰে ৰাজ্যিক নিৰ্ব্বাচনী সমিতিৰ আহ্বায়ক দিলীপ শইকীয়াই।






























