Nitish Kumar :
বিহাৰত প্ৰায় ২০ বছৰ ধৰি চলি থকা নীতিশ কুমাৰ যুগৰ অন্ত পৰিব। খবৰ পোৱা গৈছে যে নীতিশ কুমাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ ওলাইছে। তেওঁৰ ৰাজ্যসভাৰ আসন প্ৰায় নিশ্চিত। আজি দিনৰ এঘাৰ বজাত নীতিশ কুমাৰে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ উপস্থিতিত বিহাৰ বিধানসভা ভৱনৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে ৷
উল্লেখ্য যে হঠাতে বিহাৰৰ মুখ্যমন্ত্ৰী চকী এৰি দিল্লীলৈ ঢাপলি মেলিবলৈ সাজু হোৱাত একপ্ৰকাৰ পাটনাৰ ৰাজনীতি পৰিবেশ গৰম হৈ পৰে। বুধবাৰে দুপৰীয়াৰ পৰা আৰম্ভ হোৱা এই পৰিবেশ গোটেই নিশাটো অব্যাহত থাকে বৃহস্পতিবাৰে দুপৰীয়ালৈকে ।
মুখ্যমন্ত্ৰীৰ বাসগৃহ পাটনাৰ ১ এন্নে মাৰ্গ ৰাজনৈতিক কেন্দ্ৰবিন্দুত পৰিণত হয় ৷ মিডিয়াৰ কেমেৰাৰ পৰা আঁতৰত বন্ধ দুৱাৰৰ আঁৰত বৈঠক অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰীৰ বাসগৃহৰ বাহিৰেও বিহাৰৰ ৰাজনৈতিক ভৱিষ্যতক লৈ জেডিইউ আৰু বিজেপি নেতাৰ বাসগৃহত ঘনে ঘনে আলোচনা অব্যাহত থাকে I
নীতিশ কুমাৰ ৰাজ্যসভালৈ যায় তেন্তে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগিব। ক্ষমতা দখল কৰিব বিজেপিয়ে। বিজেপিৰ পৰা যেতিয়া মুখ্যমন্ত্রী নির্বাচিত হ’ব তেতিয়া উপ-মুখ্যমন্ত্রী জেডিইউৰ পৰা হ’ব৷ চৰকাৰ আৰু সমগ্ৰ কেবিনেটৰ গাঁথনি সলনি হ’ব৷ মন্ত্ৰালয়ৰ পুনৰ্গঠন বৰ্তমান দুয়োটা পক্ষৰ বাবে আটাইতকৈ ডাঙৰ কাম।
ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে,নীতিশ কুমাৰ ৰাজ্যসভালৈ যোৱাত বিজেপিৰ মুখ্যমন্ত্ৰী হোৱাৰ পথ প্রশস্ত হয় ৷ মুখ্যমন্ত্ৰীৰ দৌৰত বিজেপিৰৰ কেইবা গৰাকীও নেতা আছে ৷ মুখ্যমন্ত্ৰীৰ দৌৰত প্ৰথম স্থানত আছে উপ -মুখ্যমন্ত্ৰী সম্রাট চৌধুৰী ৷ মুখ্যমন্ত্ৰীৰ দৌৰত দ্বিতীয় স্থানত নিত্যানন্দ ৰায় ৷একেদৰে চৰ্চাত আছে আন কে’বা গৰাকী জ্যেষ্ঠ বিজেপি নেতা ৷ইয়াৰ ভিতৰত আছে বিজয় কুমাৰ সিনহা, সঞ্জীৱ চৌৰসিয়া, আৰু দিলীপ জয়ছৱালৰ ৷
লগতে চৰ্চা চলিছে উপ- মুখ্যমন্ত্ৰীৰ পদক লৈয়ো ৷জেডিইউৰ পৰা দুজন উপ-মুখ্যমন্ত্রী হিচাপে শপত লোৱাৰ সম্ভাৱনা ৷ চৰ্চাৰ শীৰ্ষত আছে নীতিশ কুমাৰৰ তনয় নিশান্ত কুমাৰ ৷ উপ- মুখ্যমন্ত্ৰী পদৰ জেডিইউৰ পৰা দ্বিতীয় গৰাকীৰ নাম এতিয়াও প্ৰকাশ কৰা হোৱা নাই।



































