আচিনাৰ ঘৰুৱা প্ৰতিকাৰ

আচিনা হৈছে এক প্ৰকাৰৰ ভাইৰাছ জনিত সংক্ৰমণ।ইয়াক শৰীৰৰ বিভিন্ন অংশত দেখা যায় । আচিনা দেখিবলৈ ফোঁহাৰ দৰে।মুখৰ ত্বকত ওলালে মুখমণ্ডলৰ সৌন্দৰ্য্য বিনষ্ট হয়।সাধাৰণতে আচিনাই কোনো ক্ষতি নকৰে । আচিনাৰ আকাৰ,  আকৃতি আৰু ৰং প্ৰত্যেক লোকৰ ক্ষেত্ৰত ভিন্ন হয় ।কিন্তু ঘৰতে কেতবোৰ উপায়েৰে এই সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰি । 

4

 

নহৰু= ত্বকৰ যত্নত নহৰু অতি  উপকাৰী। নহৰুত থাকে এলিচিন নামৰ উপাদান । এলিচিন হৈছে এণ্টি-মাইক্ৰ’বিয়েল।নহৰু আচিনা হোৱা ঠাইত থেতেলিয়াই আচিনা হোৱা স্হানত সানিলে উপকাৰ পাব। 
বেকিং পাউদাৰ = কেষ্টৰ অইল আৰু বেকিং পাউদাৰ এটা মিশ্ৰণ তৈয়াৰ কৰক।সেই মিশ্ৰণ আচিনাৰ ওপৰত ভালদৰে দি ঠাই খিনি  বান্ধি ৰাখক।গোটেই নিশা বান্ধি ৰাখিব।দুই-তিনি দিন পাছৰ পৰাই ভাল ফল পাবলৈ আৰম্ভ কৰিব ।আচিনা ক্ৰমাৎ অদৃশ্য হৈ পৰিব।
কলৰ বাকলি = কল খোৱাৰ পাছত বাকলিটো পেলাই নিদিব।কলৰ বাকলিৰ উৎসেচকে ত্বকক ৰক্ষা কৰে।আচিনাত নিয়মিত কলৰ বাকলি সানিলে উপকাৰ পাব।
এপল ছাইভাৰ ভিনেগাৰ= এটুকুৰা তুলা ভিনেগাৰত তিয়াই সমগ্ৰ নিশাটো আচিনাৰ ওপৰত বান্ধি থব।এইদৰে  পাঁচদিন এই প্ৰক্ৰিয়া কৰিব। এপল ছাইডাৰ ভিনেগাৰত থকা এচিডে প্ৰাকৃতিকভাৱে আচিনা পুৰি পেলায়। 
এল’ভেৰা= এটা এল’ভেৰা বা ছালকুৱৰী পাত কাটি লওক । পাতৰ ভিতৰত থকা থেপথেপিয়া জেলিখিনি আচিনা হোৱা স্হানত সানিব।এল’ভেৰাত থকা মেলিক এচিডৰ বাবে এইদৰে কিছুদিন কৰিলে আচিনা শুকাই যাব ।
Exit mobile version