বিজেপিয়ে 2019 ৰ লোকসভাৰ নিৰ্ব্বাচনত অধিক আক্ৰমণাত্মক ৰূপত প্ৰতিদ্বন্দিতাৰ বাবে সাজু হৈছে ।এইবাৰৰ নিৰ্ব্বাচনত বিজেপিয়ে পাকিস্তাৰ বিৰুদ্ধে নৰেন্দ্ৰ মোদীৰ চৰকাৰে গ্ৰহণ কৰা আক্ৰমণাত্মক ৰণনীতি আৰু প্ৰশাসনিক দক্ষতাক মূল ইছ্যু হিচাপে ব্যৱহাৰৰ কৌশল নিৰ্ধাৰণ কৰিছে ।দলৰ এক সূত্ৰই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে ,প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ নেতৃত্ব আৰু ৰাষ্ট্ৰীয়বাদক বিজেপিয়ে নিৰ্ব্বাচনৰ প্ৰচাৰৰ মূল কৌশল হিচাপে লোৱাৰ সম্ভাৱনা আছে । কংগ্ৰেছৰ নেতৃত্বত পূৰ্বে গঠন হোৱা ইউ পি এ চৰকাৰৰ স’তে তুলনা কৰি বিজেপিয়ে লোকসভা আগন্তুক নিৰ্ব্বাচনৰ উদ্দেশ্যে আক্ৰমণাত্মক প্ৰচাৰ নীতি যুগুত কৰিব’লৈকো প্ৰস্তুতি চলাইছে । বিজেপিৰ ছ’চিয়েল মিডিয়া শাখাই বিগত দুদিন ধৰি এক ভিডিঅ’ বহুলভাৱে প্ৰচাৰিত কৰিছে । এই ভিডিঅ’ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছত প্ৰধানমন্ত্ৰী মোদী আৰু পূৰ্বৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ সিদ্ধান্তৰ পাৰ্থক্যক প্ৰদৰ্শন কৰা হৈছে । ভিডিঅ’টোত স্পষ্টভাৱে কোৱা হৈছে যে মুম্বাইৰ আক্ৰমণৰ পাছত সেনাই প্ৰত্যুত্তৰ দিব’লৈ বিছৰা পাছতো তদানীন্তন প্ৰধানমন্ত্ৰীয়ে অনুমতি দিয়া নাছিল, কিন্তু সন্ত্ৰাসবাদীৰ আক্ৰমণৰ প্ৰত্যুত্তৰত মোদীয়ে দুবাৰকৈ ছাৰ্জিকেল ষ্টাইক চলাই সুদক্ষ নেতৃত্বৰ প্ৰমাণ দেশবাসীক দিলে। এনে কিছুমান ভিডিঅ’ৰ জৰিয়তে বিজেপিয়ে বিগত সময়ছোৱাত যথেষ্ট দলৰ হৈ প্ৰচাৰ চলাইছে । ৰাষ্ট্ৰীয় সুৰক্ষা আৰু ৰাষ্ট্ৰীয়বাদকো বিজেপিয়ে লোকসভা প্ৰচাৰত বিশেষ গুৰুত্ব দিছে।
মোদীৰ সবল নেতৃত্ব-ৰাষ্ট্ৰবাদ হ’ব পাৰে বিজেপিৰ প্ৰচাৰ কৌশল
-
By admin

Related Content
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
By
publisher
May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
By
publisher
May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
By
publisher
May 4, 2026
খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়
By
publisher
May 4, 2026