Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

বিজেপিয়ে অকলেই দখল কৰিলে ৮২টা সমষ্টি, পূব অসমত অভাৱনীয় বিজয় শাসক মৰ্চাৰ, শাসক-বিৰোধীৰ বহু নতুন মুখ জয়ী, ৰাজ্যত প্রধান বিৰোধী দলৰ মৰ্যাদাও হেৰুৱালে কংগ্রেছে

publisher by publisher
May 5, 2026
in News
Reading Time: 1 min read
0
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ

Blood Donation Camp:ৰক্তদানেৰে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি ৰাজ্যিক বিজেপিৰ

NDA scores hat-trick in Assam:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-বিজেপিয়ে অকলেই ৮০ খনৰো অধিক আৰু এনডিএই যদি এশখনৰো অধিক আসনত জয়লাভকবে, তাত আচৰিত হ’ব লগা একো নাই। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই পূৰ্বৰ দৰে এই সম্ভাৱনা ব্যক্ত কৰিছিল আৰু সেয়াই  প্রতিফলিত হ’ল। বহুতৰ বাবে অভাৱনীয় ফলাফলবে অসমত আজি ঘোষিত বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে এককভাবে ৮২টা সমষ্টিত বিজয় সাব্যস্ত কৰে। বিজেপিৰ দুই সহযোগী দল অসম গণ পৰিষদে ১০টা আৰু বিপিএফেও ১০টা সমষ্টিত জয়লাভ কৰে। ইয়াকে ধৰি অসমত এনডিএই এই নির্বাচনত দখল কৰা সমষ্টিৰ সংখ্যা ১০২টালৈ বৃদ্ধি কৰে। অগপয়ো দ্বৈত সংখ্যাৰ আসনত জয়লাভ কৰিব বুলি সম্ভাবনীয়তা ব্যক্ত কৰিছিল। দলটোৱে প্রকাশ কৰা সেই সম্ভাৱনাও বাস্তৱায়িত হয়। বিপিএফে ১১টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিছিল। এই বৃহৎ বিজয়ৰে এনডিএই অসমত চৰকাৰ গঠনৰ  হেট্রিক কৰে। ইয়াৰ বিপৰীতে ফলাফল অৱনমিত হয় প্রধান বিৰোধী দল কংগ্রেছৰ।  ফলাফলে মাধমাৰ শোধায় এআইইউডিএফকো। দলটোৱে মাত্ৰ দুটা সমষ্টিতহে জয়লাভ কৰে। বিপৰীতে, ৰাইজৰ দলৰ বিধায়কৰ সংখ্যা এইবাৰ এজনৰ পৰা দুজনলৈ বৃদ্ধি হ’ল।

ADVERTISEMENT

আনহাতে, অসম বিধানসভাত তৃণমূল কংগ্রেছে দুটা কাৰ্যকালৰ পাছত শ্বেৰমান আলী আহমেদৰ জৰিয়তে আৰু এজন বিধায়ক পাবলৈ সক্ষম হয়। অৱশ্যে এই নির্বাচনটো ‘ট্রেজিক’ হৈ ৰ’ব অসম জাতীয় পৰিষদৰ বাবে। দলটোৱে এটাও সমষ্টিত জয়ৰ মুখ নেদেখিলে। দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে উপর্যুপৰি এইবাৰৰ নিৰ্বাচনতো পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হয়।

সোমবাৰৰ এই ফলাফল বহুকেইটা দিশেৰে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। বিৰোধী ঐক্যৰ ভিতৰত কংগ্ৰেছে সর্বাধিক আসন দখল কৰিলেও দলটোৱে প্রধান বিৰোধী দলৰ মৰ্যাদা হেৰুওৱাৰ সম্ভাৱনা প্রকট হৈছে। সর্ববৃহৎ তথা প্রধান বিৰোধী দলৰ মৰ্যাদা পাবলৈ অসমৰ মুঠ বিধানসভা সমষ্টিৰ ভিত্তিত ন্যূনতম ২১খন আসনত জয়লাভ কৰিব লাগে। ইয়াৰ বিপৰীতে কংগ্রেছ ১৯খন আসনতে সীমাবদ্ধ হৈ ৰয়।

এই নিৰ্বাচনৰ ফলাফলৰ এটা উল্লেখযোগ্য দিশ হ’ল বিৰোধী তথা কংগ্ৰেছ প্রার্থী গৌৰৱ গগৈৰ পৰাজয়। গগৈক বিৰোধীয়ে মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী ৰূপেও প্রক্ষেপ কৰিছিল। অসমৰ নতুন চৰকাৰৰ মুখ্যমন্ত্রী গৌৰৱ গগৈ বুলি ব্যাপকভারে প্ৰচাৰ চলাইছিল বিৰোধী শিবিৰে। তাৰ পাছতো গগৈয়ে বিজেপি প্রার্থী হিতেন্দ্র নাথ গোস্বামীৰ হাতত যোৰহাট সমষ্টিত ২২ হেজাৰৰো অধিক ভোটৰ ব্যৱধানত পৰাজিত হয়। লুৰীণজ্যোতিৰ পৰাজয়ো নির্বাচনটোৰ অন্যতম এক বৃহৎ অঘটন। তদুপৰি বিৰোধীৰ একাধিক হেভীৱেট প্রার্থীয়ে পৰাজয় স্বীকাৰ কৰে। এআইইউডিএফৰ ইজনৰ পাছত সিজন জ্যেষ্ঠ নেতা এই নিৰ্বাচনত পৰাজিত হয়। আনহাতে, এই নির্বাচনতে বিধানসভাত শূন্য হ’ল বাঁওদল। যোৱা বিধানসভাত থকা বাঁওদলৰ একমাত্র প্রতিনিধি চিপিএমৰ মনোৰঞ্জন তালুকদাৰ এই নির্বাচনত পৰাজিত হয়। ইয়াৰ বিপৰীতে দীর্ঘ বিৰতিত পুনৰ অসম বিধানসভালৈ উভতিবলৈ সক্ষম হয় এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে। তেওঁ নৱগঠিত বিন্নাকান্দি সমষ্টিৰ পৰা জয়লাভ কৰে।

এইবাৰৰ নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ কংগ্ৰেছৰ নেতৃত্বত ছয়দলীয় বিৰোধী মৰ্চা গঠন হৈছিল। নির্বাচনী ৰণকৌশলৰ অংশৰূপে বিৰোধী মৰ্চাই বিজেপিৰ বিৰুদ্ধে উমৈহতীয়াভাবে এজনকৈ প্রার্থী প্রক্ষেপ কৰিছিল। ইয়াৰ ফলত প্ৰায়বোৰ সমষ্টিতে বিজেপি আৰু বিৰোধী মৰ্চাৰ মাজত প্রত্যক্ষ যুঁজ হয়। যদিও বিৰোধীৰ সেই ৰণকৌশল বিজেপি তথা এনডিএৰ ধুমুহাত  তচনচ হৈ পৰে। বিৰোধীয়ে এইবাৰ তিনি গগৈৰ এক বাগধাৰা সৃষ্টিৰ চেষ্টা চলায়। গৌৰৱ গগৈ, লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈক লৈ সৃষ্টি কৰা এই বাগধাৰাৰে এনডিএক ক্ষমতাৰ পৰা ওফৰোৱাৰ কৌশলো গ্রহণ কৰা হৈছিল। সেই কৌশলো বুমেৰাং হয়। ইপিনে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বিষয়টোৱে বিজেপিক এই নির্বাচনত মাধমাৰ শোধোৱা বুলি একাংশই যি ধাৰণা পোষণ কৰিছিল, তাৰ কোনো প্ৰভাৱ ভোটাৰৰ মাজত নপৰিল।

উল্লেখ্য যে দিছপুৰত চৰকাৰ গঠনত পূব অসমৰ ৰাজনীতিয়ে মূল ভূমিকা গঠন কৰি আহিছে। কাৰণ পূব অসমতে আছে সর্বাধিক সমষ্টি। পূর্বে কংগ্ৰেছৰ দখলত থকা পূব অসমৰ এই ৰাজনীতিক ২০১৪ৰ লোকসভা নির্বাচনত বিজেপিয়ে তচনচ কৰিছিল। সেই ধাৰাবাহিকতা বিজেপিয়ে অব্যাহত ৰখাৰ পাছত বিৰোধী মৰ্চাই এইবাৰ তিনি গগৈৰ বাগধাৰাৰে ভাঙি পেলোৱাৰ কৌশল লৈছিল যদিও সফল নহ’ল। ৰাজ্যৰ চাহ বাগিচাৰ ভোটাৰে প্ৰতিটো নির্বাচনত গুৰুত্বপূর্ণ ভূমিকা লৈ আহিছে। এই বাগিচাৰ ভোটো বিজেপিয়ে অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয়। ঘোষিত ফলাফলত কংগ্ৰেছে বিজেপিৰ কোনো ক্ষতি কৰিব নোৱাৰিলে, তাৰ বিপৰীতে এআইইউডিএফৰ ভোট বেংক ভাঙি তচনচ কৰিবলৈ সক্ষম হোৱাটো  ফলাফলতে স্পষ্ট হয়। ধর্মীয় সংখ্যালঘু ভোটাৰ অধ্যুষিত সমষ্টিতহে কংগ্ৰেছৰ প্ৰভাৱ অধিক প্রতিষ্ঠা হয়।

#বিজেপিত ন-পুৰণি নেতাৰ বিজয়ধ্বজা

অভাৱনীয় বিজয় সাব্যস্ত কৰা বিজেপিৰ হৈ এইবাৰ বিধানসভাৰ মজিয়া গৰকিব দলটোৰ পুৰণিৰ লগতে বহু নতুন মুখে। বৃহৎ বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰে দলটোৰ অধিকাংশ নেতাই। অৱশ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বৃহৎ জয়লাভ সাব্যস্ত কৰিবলৈ সক্ষম হ’লেও ভোটৰ সংখ্যাৰ ধাৰাবাহিকতা বৃদ্ধি কৰিব নোৱাৰিলে। ড° শৰ্মাই জয়লাভ কৰা নিৰ্বাচনবোৰত প্রতিটোতে নিকটতম প্রতিদ্বন্দ্বীতকৈ ভোটৰ ব্যৱধান বৃদ্ধি কৰি যাবলৈ সক্ষম হৈছিল। সেই ধাৰাবাহিকতা তেওঁ এইবাৰ ৰক্ষা কৰিব নোৱাৰিলে। বিজেপিৰ পৰা এইবাৰ কে’বাখনো উল্লেখযোগ্য মুখে জয়লাভ কৰিছে। বিজেপিৰ বাবে উল্লেখযোগ্য জয়ৰ ভিতৰত আছে দিছপুৰত প্ৰদ্যুৎ বৰদলৈ, বিহপুৰীয়াত ভূপেন বৰা, যোৰহাটত হিতেন্দ্ৰ নাথ গোস্বামী, ভৱানীপুৰ-সৰভোগত ৰঞ্জিত কুমাৰ দাস, ৰঙিয়াত ভৱেশ কলিতা, টিহুত চন্দ্রমোহন পাটোৱাৰী, তামুলপুৰত বিশ্বজিৎ দৈমাৰী, নলবাৰীত জয়ন্ত মল্ল বৰুৱা, জাগীৰোডত পীযুষ হাজৰিকা, ঢেকিয়াজুলিত অশোক সিংহল, ঢকুৱাখনাত নৱ কুমাৰ দলে, ধেমাজিত ডাঃ ৰণোজ পেণ্ড, ডিব্ৰুগড়ত প্রশান্ত ফুকন, দুলীয়াজানত ৰামেশ্বৰ তেলী, নাজিৰাত ময়ূৰ বৰগোহাঁই, মৰিয়নিত ৰূপজ্যোতি কুর্মী, শিলচৰত ডাঃ ৰাজদ্বীপ ৰায় আৰু অভয়াপুৰীত ভূপেন ৰায়। ৰাভা ৰাছং আৰু কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহীদ্বয়েও বিজেপিৰ হৈ বিধানসভালৈ নির্বাচিত হোৱাটো উল্লেখনীয় দিশৰূপে পৰিগণিত হৈছে। সেই অনুসৰি এইবাৰ বিধানসভাত প্ৰৱেশ কৰিব ৰাভা ৰাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা আৰু কাৰ্বি আলং আৰু মুখ্য কাৰ্যবাহী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে। দলটোৱে কে’বাখনো নতুন মুখক প্রার্থিত্ব দি সফলতা লাভ কৰিবলৈ সক্ষম হয়। গোৱালপাৰা পূব সমষ্টিত প্রার্থিত্ব প্রদান কৰা পবিত্ৰ ৰাভা, হাফলঙত ৰূপালী লাংথাছা, বোকাজানত সূর্য ৰংফাৰ, হাওৰাঘাটত লুনসিং টেৰন, ডিফুত নিছ’ টেৰাংপি, আমৰিত হেবে টেৰণ, বিহালীত মুনীন্দ্ৰ দাস, গোৰেশ্বৰত ভিক্টৰ কুমাৰ দাস আদিৰ দৰে নতুন মুখক প্রার্থিত্ব দিয়ো বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। এই তালিকাত বকো-ছয়গাঁৱত ৰাজু মেছ, পলাশবাৰীত হিমাংশু শেখৰ বৈশ্য, মঙলদৈত নীলিমা দেরী, তিনিচুকীয়াত পুলক গোহাঁই আদিৰ নামো আছে।

ইপিনে, বিজেপিয়ে ৯০টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰি মাত্র আঠটাতহে পৰাজিত হোৱাটো আন এক উল্লেখযোগ্য দিশৰূপে পৰিগণিত হৈছে। প্রসংগক্রমে উল্লেখ্য যে ২০১১ত মাত্র পাঁচখন আসনত বিজেপিয়ে জয়লাভ কৰিছিল আৰু সেই সংখ্যা ডেৰ দশকত দলটোৱে   ৮২খন আসনলৈ বৃদ্ধি কৰিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে ২০১৬ত কংগ্রেছে ১২২টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰি ২৬টাতহে জয়লাভ কৰিছিল। ২০২১ত কংগ্রেছে জয়লাভ কৰা সমষ্টিৰ সংখ্যা ২৯টালৈ বৃদ্ধি হৈছিল। এইবাৰ ৯৯টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰি সেই সংখ্যা ১৯টালৈ অৱনমিত হয়। কংগ্ৰেছৰ একাধিক জ্যেষ্ঠ নেতা পৰাজিত হোৱাটো দলটোৰ ওপৰত বৃহৎ মাধমাৰৰূপে বিবেচিত হৈছে। গৌৰৱ গগৈৰ পৰাজয় এক বৃহৎ ক্ষতি। তদুপৰি দেৱৱত শইকীয়াৰ দৰে নেতাৰ পৰাজয়ো এক বৃহৎ লোকচান বুলি চর্চা হৈছে; অথচ যোৱা বিধানসভাত শইকীয়া আছিল বিৰোধী দলপতি। ৰিপুন বৰাৰ দৰে জ্যেষ্ঠ নেতাৰ পৰাজয়ো কংগ্ৰেছৰ বাবে বৃহৎ ক্ষতি। তদুপৰি আব্দুল খালেক, প্রাক্তন মন্ত্রী প্রণতি ফুকন, ঘন বুঢ়াগোহাঁই, অশোক শর্মা, অজিত সিং, নন্দিতা দাস, নাৰায়ণ ভূঞা, প্রাক্তন মন্ত্রী নন্দিতা গর্লোছা, প্রাক্তন মন্ত্রী দুর্লভ চমুৱা, দুর্গা ভূমিজ, দিগন্ত বৰ্মন, বিনন্দ কুমাৰ শইকীয়া, সত্যব্রত কলিতা আদিৰ দৰে নেতাও এই নির্বাচনত পৰাজিত হয়। এইসকলৰ বিপৰীতে কে’বাখনো নতুন মুখে অসম বিধানসভাৰ মজিয়া গৰকিবলৈ সাজু হৈছে। সমান্তৰালভাৱে কে’বাজনো জ্যেষ্ঠ নেতা পুনৰ বিধায়কৰূপে নির্বাচিত হয়। নির্দিষ্ট একাংশ সমষ্টিত কংগ্ৰেছে লাভ কৰা বৃহৎ জনসমর্থন এই নির্বাচনৰ এক লক্ষ্যণীয় দিশ বুলি বিবেচিত হৈছে। কংগ্ৰেছৰ হাতত একাধিক সমষ্টিত বিশেষ বিশেষ পৰাজয়ো অঘটন বুলি চর্চা চলিছে। নাওবৈচাত ডাঃ জয়প্রকাশ দাস, পৰ্বতঝোৰাত আশ্রাফুল ইছলাম শেইখ, ধুবুৰীত বেবী বেগম, মানকাচৰত মহিবুৰ ৰহমান, চামগুৰিত তানজিল হুইেছন, আলগাপুৰ-কাটলিচেৰাত জুবেইৰ আনম মজুমদাৰ আদি নতুন মুখে জয়লাভ কৰে। ইয়াৰ বিপৰীতে বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰে জলেশ্বৰত আফতাবুদ্দিন মোল্লা, বীৰসিং জৰুৱাত ৱাজেদ আলী চৌধুৰী, চমৰীয়াত ৰেকিবুদ্দিন আহমেদ আদিৰ দৰে জ্যেষ্ঠ নেতাই। কংগ্ৰেছৰ প্রার্থী নুৰুল ইছলামৰ হাতত সৃজনগ্রাম সমষ্টিত এআইইউডিএফৰ প্রার্থী তথা সদৌ সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ পৰাজয় এক উল্লেখযোগ্য দিশ। একেদৰে এআইইউডিএফৰ ঘাটি উছন কৰি চেঙাত কংগ্ৰেছৰ আব্দুৰ ৰহিম আহমেদৰ বিজয়ো উল্লেখযোগ্য বুলি বিবেচিত হৈছে।

#বিজয়ৰ দাবী বুমেৰাং ৰাইজৰ দলৰ

কংগ্ৰেছৰ লগত সমষ্টিৰ ভাগ-বাটোৱাৰাত তীব্র সংঘাতত লিপ্ত হৈছিল ৰাইজৰ দলে। কমেও আঠ-ন সমষ্টিত নিশ্চিত জয়ৰ দাবী কৰি দলটোৱে অৱশেষত ১৩টা সমষ্টিত প্রার্থী প্রক্ষেপ কৰে; কিন্তু ফলাফলত ৰাইজৰ দলে মাত্র দুটা সমষ্টিতহে জয়লাভৰ মুখ দেখে। আনকি শিৱসাগৰত দলৰ সভাপতি অখিল গগৈয়ো তীব্র প্রত্যাহ্বানৰ সম্মুখীন হয় যদিও মূৰকত জয়লাভ কৰিবলৈ সক্ষম হয়। আনহাতে, ধিঙত বিজয়ী হয় মেহবুব মোক্তাৰ। ইয়াৰ জৰিয়তে ৰাইজৰ দলৰ বিধায়কৰ সংখ্যা দুজনলৈ বৃদ্ধি হ’ল। দলটোৰ বাবে বৃহৎ লোকচানৰূপে বিবেচিত হৈছে মৰিয়নিত জ্ঞানশ্রী বৰা, তেজপুৰত অলক নাথ, গোৱালপাৰা পূবত আব্দুৰ ৰছিদ মণ্ডল, মাৰ্ঘেৰিটাত ৰাহুল ছেত্রী, মানসত অঞ্জন তালুকদাৰ আৰু দলগাঁৱত আজিজুৰ ৰহমানৰ দৰে প্ৰাৰ্থীৰ পৰাজয়। এই পৰাজয়ক লৈ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈছে দলটোৰ ইজনৰ পাছত সিজন নেতা। দলটোৰ নেতা আশ্রাফুল ইছলামকে ধৰি কে’বাজনেও তেওঁলোকৰ পৰাজয়ৰ বাবে কংগ্ৰেছক জগৰীয়া কৰি সৰৱ হয়।

#অস্তিত্বৰ গ্ৰাসত ইউডিএফ

এইবাৰৰ নিৰ্বাচনে অস্তিত্বক লৈ এআইইউডিএফক তীব্র প্রত্যাহ্বানৰ মুখলৈ ঠেলি দিয়া বুলি ৰাজনৈতিক মহলত ইতিমধ্যে চর্চা চলিছে। ২০১১৩ দলটো ১৬টা সমষ্টিত জয়লাভ কৰাৰ বিপৰীতে সেই সংখ্যা এইবাৰ মাত্ৰ দুটা সমষ্টিলে হ্রাস হয়। বিন্নাকান্দিৰ লগতে দলটোৱে কেৱল দলগাঁৱত জয়লাভ কৰে। এআইইউডিএফৰ ঘাটিত এইবাৰ শক্তিশালী উত্থান ঘটে কংগ্ৰেছৰ। ফলত ইখনৰ পাছত সিখন জিলাত এআইইউডিএফৰ প্ৰতিনিধি শূন্য হয়। আজমলৰ দৰে জ্যেষ্ঠ নেতায়ো বিন্নাকান্দিত যথেষ্ট প্রত্যাহ্বানৰ মাজেৰেহে জয়লাভ কৰিবলৈ সক্ষম হয়। অথচ দলটোৱে এইবাৰো ন্যূনতম ১২টা সমষ্টিত জয়লাভৰ প্ৰত্যাশা কৰিছিল। নিৰ্বাচনৰ পূৰ্বে দলৰ কে’বাজনো বিধায়কে দল সলনি কৰাৰ বাবেও আজমল নেতৃত্বাধীন এআইইউডিএফ শ’লঠেকত পৰে।

#বিটিচিত বিপিএফৰ দপ্‌দপনি

ইপিনে, বিটিচিত বৃহৎ জয় সাব্যস্ত কৰে বিপিএফে। দলটোৱে ১০টা সমষ্টিত জয়লাভ কৰাৰ বিপৰীতে এটাও সমষ্টিত বিজয়ৰ মুখ নেদেখিলে ইউপিপিএলে। অৱশ্যে বিপিএফে এনেদৰে জয়লাভ কৰিলেও বিজেপিৰ নেতৃত্বত গঠন হ’বলগীয়া চৰকাৰত দলটোৱে কিমানদূৰ প্ৰভাৱ স্পষ্ট বিস্তাৰ কৰিব পাৰিব, কিয়নো বিজেপিয়ে এককভাবে ৮২টা সমষ্টিত জয়লাভ কৰে।

নির্বাচনত আটাইতকৈ মাধমাৰ খোৱা দলটো হ’ল অসম জাতীয় পৰিষদ। কংগ্ৰেছ মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ অজাপই ১০টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিছিল। সভাপতি লুৰীণজ্যোতি গগৈৰ পৰা আৰম্ভ কৰি প্ৰতিজন প্রার্থীয়েই নির্বাচনত মুখথেকেচা খায়। ইয়াৰ ফলত অজাপই এইবাৰৰ বিধানসভাত নিজৰ অন্তর্ভুক্তি নিশ্চিত কৰিবলৈ যি আপ্রাণ চেষ্টা চলাইছিল, সেয়া সম্পূর্ণ ব্যর্থ হয়। সেইদৰে বিজেপিৰ ভোট বেংকত আঘাত হনাত ব্যর্থ হয় অসমৰ নির্বাচনত এইবাৰ বিশেষ চর্চা লাভ কৰা ঝাৰখণ্ডৰ ঝাৰখণ্ড মুক্তি মৰ্চাও।

ইয়াৰ বিপৰীতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্বেৰমান আলী আহমেদে মন্দিয়াত জয়লাভ কৰে। আহমেদে দল নহয়, বৰঞ্চ প্রার্থী ৰূপেহে এই জয়লাভ কৰে। উল্লেখ্য যে কংগ্ৰেছৰ পৰা বহিষ্কৃত আহমেদে নিৰ্বাচনৰ কেইদিনমান পূৰ্বে ৰাইজৰ দলত যোগদান কৰিছিল; কিন্তু কংগ্ৰেছে মিত্ৰতাৰ সময়ত আহমেদক কোনো মূল্যৰ বিনিময়তে সমর্থন নজনাই বুলি স্পষ্ট কৰি দিয়ে। তাৰ ফলত ৰাইজৰ দলে আহমেদক প্রার্থিত্ব দিব নোৱৰাটো স্পষ্ট হয়। একপ্ৰকাৰ অপমানিতবোধ কৰা আহমেদে তাৎক্ষণিকভাবে তৃণমূল কংগ্রেছত যোগদান কৰে। তেওঁৰ হাততেই বিপুল ভোটত পৰাজিত হয় সমষ্টিটোৰ কংগ্ৰেছ প্রার্থী আব্দুল খালেক। বিৰোধী মৰ্চাৰ অংশীদাৰ দল চিপিএম, চিপিআই (এমএল) আৰু এপিএইছএলচিয়েও জয়ৰ মুখ নেদেখিলে এই নির্বাচনত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Assembly Election ResultHimanta Viswa SarmaNDA scores hat-trick
publisher

publisher

Related Posts

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে
India

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

October 12, 2026
ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী
India

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

October 12, 2026
যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান
India

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

October 12, 2026
‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ
India

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

October 12, 2026
বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ
Entertainment

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

October 12, 2026
‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ
India

‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

October 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d