তেজপাতৰ তেজাল কথা আৰু তেজপাতৰ উপকাৰিতা

তেজপাতৰ উপকাৰিতা

হজম শক্তি বৃদ্ধি কৰে: তেজপাতে মানৱদেহৰ পৰিপাক তন্ত্ৰৰ ব্যৱস্হাত যথেষ্ট প্ৰভাৱ পেলায়। শৰীৰৰ পৰা অতিৰিক্ত বিষাক্ত পদাৰ্থ বাহিৰ কৰি দিয়ে আৰু শৰীৰে অধিক ভালদৰে কাম কৰাত সহায় কৰে। তেজপাতত বিদ্যমান জৈৱ যৌগই পেটৰ ৰোগ দূৰ কৰাতো সহায় কৰে। ইৰিটেবল বাৱেল ছিন্ড্ৰম বা অন্ত্ৰৰ স্বাভাৱিক কাৰ্যকাৰিতাৰ সমস্যা দূৰ কৰাতো তেজপাত অতি অতি কাৰ্যকৰী । শৰীৰে জটিল প্ৰ’টিন সহজে সজম কৰিব নোৱাৰে , সেই ক্ষেত্ৰত তেজপাতে যথেষ্ট সহায় কৰে।

মধুমেহ নিয়ন্ত্ৰক: একেৰাহে এমাহ দিন একৰ পৰা তিনি গ্ৰাম তেজপাত গ্ৰহণ কৰিলে তেজত গ্ল’কোজ আৰু কলেষ্টেৰ’লৰ পৰিমাণ কমে। তেজপাতত থকা উপাদানে ইনছ্যুলিনৰ মাত্ৰা উল্লেখনীয় হাৰত নিয়ন্ত্ৰণ ৰাখে।

বিষ উপশমত কাৰ্যকৰী : প্ৰদাহৰ বিৰুদ্ধে কাম কৰাটো তেজপাতৰ অন্যতম গুণ। যিকোনো ধৰণৰ মৃৰৰ বিষ উপশমতো তেজপাত অত্যন্ত কাৰ্যকৰী ।

ক্ষত নিৰাময় কৰে: তেজপাতে জীৱানুনাশকৰ কাম কৰে । বিভিন্ন ধৰণৰ ক্ষত নিৰাময়ত তেজপাত অতুলনীয় ।

চাপ হ্ৰাসত উপযোগী : তেজপাতত থকা লিনালুল নামৰ উপাদানে উৎকণ্ঠা নিৰাময়ত, শান্ত থকাত আৰু হতাশা দূৰ কৰাত সহায় কৰে।

Exit mobile version