মুখ খুলিলেই বিতৰ্কৰ সূচনা কৰা হোজাইৰ বিধায়ক শিলাদিত্য দেবে সমাগত লোকসভা নিৰ্ব্বাচনৰ আগত পুনৰ বিতৰ্কিত মন্তব্য কৰিছে । এইবাৰ হোজাই আৰু কাৰ্বি সীমান্তৰ উচ্ছেদিত সকলক লক্ষ্য কৰি বিতৰ্কিত মন্তব্য কৰিছে বিধায়ক জনে। হোজাইত আজি সংবাদ মাধ্যমত বিধায়ক জনে কয়,’সীমান্তত উচ্ছেদিত সকল বাংলাদেশী মুছলমান । এই সকলক এতিয়াই উচ্ছেদ নকৰিলে হোজাই জিলাৰ লামডিং বনাঞ্চল খন মিনি বাংলাদেশ হব বুলি কয়। এই বাংলাদেশী মুছলমান সকলক কংগ্ৰেছ দলে ভোট বেংকৰ স্বাৰ্থত সংস্থাপন কৰিছে ।শিলঘাট এক্সপ্ৰেছ ৰে’লত এই বাংলাদেশী মুছলমান সকল ধুবুৰীৰ বাংলাদেশ সীমান্ত পাৰ হৈ অসমলৈ আহি নগাঁওৰ পৰা বাছ যোগে লামডিং বনাঞ্চলত বেদখল কৰি বসবাস কৰি আছে’। এই সকলে ডিঙিত অসমীয়া গামোচা, দুটা মান অসমীয়া কথা শিকি নিজকে খিলঞ্জীয়া বুলি দাবী কৰি ভূমি বেদখল কৰে বুলি বিধায়ক জনে কয় ।’এই বাংলাদেশী মুছলিম সকলৰ ইয়াত কিছুমান এজেণ্ট আছে । এই এজেণ্ট জৰিয়তে অসমত প্ৰৱেশ কৰি অসমৰ ভূমি বেদখল কৰাৰ উপৰিও ভোটৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি ভুৱা কাগজ তৈয়াৰ কৰি লয়। এনে লোক সকলক ভোটৰ স্বাৰ্থত কংগ্ৰেছ দলে সহায় কৰে। এইদৰে বিতৰ্কিত বিধায়ক জনে মন্তব্য কৰে।
কাৰ্বি সীমান্তৰ উচ্ছেদিত সকল বাংলাদেশী মুছলমান ,ভোটৰ স্বাৰ্থত কংগ্ৰেছে এই সকলক সংস্থাপন দিছিল: শিলাদিত্য
-
By admin
- Categories: News
Related Content
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
By
publisher
May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
By
publisher
May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
By
publisher
May 4, 2026
খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়
By
publisher
May 4, 2026