নাৰীদেহ চক্ৰৰে জড়িতৰ অভিযোগত তথাকথিত সংগঠনৰ স্বয়ম্ভূ নেতাক গ্ৰেপ্তাৰ

 

ৰাজ্যৰ এগৰাকী বোৱাৰীক নাৰীদেহ চক্ৰৰ ওপৰত বিক্ৰীৰ পূৰ্বে যৌন আতিশয্য চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল তথাকথিত এটা সংগঠনৰ এজন স্বয়ম্ভূ নেতা। মহানগৰ আৰক্ষীৰ সহযোগত কাকী আৰক্ষীয়ে আজি দিছপুৰত গ্ৰেপ্তাৰ কৰা নাৰীদেহ চক্ৰৰ দালালজনক তথাকথিত সংগঠন খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ স্বয়ম্ভূ প্ৰতিষ্ঠাপক সম্পাদক অমিতাভ শৰ্মা (33) বুলি চিনাক্ত কৰা হৈছে । মহানগৰ আৰক্ষীৰ এক শীৰ্ষ সূত্ৰই আজি এই কথা অৱগত কৰে। সূত্ৰটোৱে জনোৱা মতে, মুষ্টিমেয় কেইজনমান যুৱকক লৈ গঠন কৰা তথাকথিত সংগঠনসমূহৰ ভিতৰতে অন্যতম হৈছে খিলঞ্জীয়া অধিকাৰ মৰ্চা । খিলঞ্জীয়া অসমীয়া লোকৰ অধিকাৰক লৈ মাজে সময়ে সৰৱ হৈ থাকে এইজন খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ প্ৰতিষ্ঠাপক সম্পাদক অমিতাভ শৰ্মা ।

Exit mobile version