আমাৰ ভাল হ’ব। ইউ ডি এফৰ অৱস্থা ভাল নহয় । বেয়া বাবেহে তিনিটাত প্ৰাৰ্থী দিব।

 দাবী তৰুণ গগৈ

লোকসভা নিৰ্ব্বাচনত এ আই ইউ ডি এফৰ লগত বুজাবুজি নোহোৱাৰ দাবী কৰিলেও দলটোৰ সমৰ্থকৰ সমৰ্থন কংগ্ৰেছ পাব বুলি প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ।গগৈয়ে কয়, ‘ ইউ ডি এফে সংখ্যালঘু ভোটাৰৰ প্ৰভাৱ নথকা সমষ্টিত প্ৰাৰ্থী নিদিলে কংগ্ৰেছৰ লাভ হ’বনে নহয় মই কোৱা নাই । কিন্তু আমাৰ ভাল হ’ব। ইউ ডি এফৰ অৱস্থা ভাল নহয় । বেয়া বাবেহে তিনিটাত প্ৰাৰ্থী দিব। পঞ্চায়ততো কংগ্ৰেছক নোৱাৰিলে । সমৰ্থকসকলৰ বহুতে আমাক সমৰ্থন জনাব । নিৰ্ব্বাচনৰ যুদ্ধ বিজেপিৰ লগতহে হ’ব। তাৰ বাবে আমি সাজু। আমাৰ লক্ষ্য ১৪খন আসনে। কিন্তু আমাৰ দখললৈ আহিবলগীয়া আসন ১০ খনৰ কম নহয় । তাৰ ইংগিত বিজেপিয়ে দিছে।’ গগৈয়ে দাবী কৰে যে সমগ্ৰ দেশত বতাহ এতিয়া কংগ্ৰেছৰ পক্ষত বলিছে। সেইবাবে বিজেপি নাৰ্ভাছ হৈছে । তেওঁলোক যে কাম কৰাত ব্যৰ্থ হৈছে তাৰ প্ৰমাণ অসমতে ওলাইছে । হাৰিব বুলি জানিয়ে বৰ্তমানৰ সাংসদৰো নাম বাদ দি নতুন প্ৰক্ষেপ কৰাটোৱে প্ৰমাণ বুলি গগৈয়ে কয়। লালকৃষ্ণ আদৱানিৰ দৰে নেতাকো প্ৰাৰ্থীত্ব নিদিয়াটোয়ে বিজেপিৰ বিপৰ্যয়ৰ ইংগিত দিয়া বুলিও তেওঁ মন্তব্য কৰে।

Exit mobile version