biঅভিনয় জগতৰ পৰা ৰাজনীতিলৈ অহা হেমা মালিনী অৰ্বুদপতি। একালৰ মোহময়ী অভিনেত্ৰীৰাকীয়ে মনোনয়ন পত্ৰৰ স’তে গাঁঠি দিয়া শপতনামাত এই তথ্য প্ৰকাশ পাইছে। এইবাৰ হেমা মালিনীয়ে মথুৰাত বিজেপি প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিব। কিছুদিন পূৰ্বে বিজেপিত যোগদান কৰা হেমা মালিনীৰ সম্পত্তি বিগত পাঁচ বছৰত 34•46 কোটি টকা বৃদ্ধি পায় । তেওঁৰ শপতনামাত প্ৰকাশ পোৱা তথ্য অনুসৰি বঙলা,আ-অলংকাৰ, নগদ ধন,শ্বেয়াৰ, জমা থকা ধনকে ধৰি তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ 101 কোটিৰো অধিক টকা। 2014 ত লোকসভা নিৰ্ব্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে দাখিল কৰা শপত নামাত 66 কোটি টকা বুলি উল্লেখ কৰিছিল । আনহাতে, হেমা মালিনীৰ অভিনেতা স্বামী ধৰ্মেন্দ্ৰ সিং দেউলৰ সম্পত্তি বিগত পাঁচ বছৰত 12•30 কোটি টকা বৃদ্ধি পায় । বিগত পাঁচ বছৰত দম্পতীহালৰ প্ৰত্যেকে 10 কোটিকৈ টকা অৰ্জন কৰে। ছবি জগতত একালত ‘ ড্ৰীম গাৰ্ল’ৰূপে পৰিচিত অভিনেত্ৰীৰাকীয়ে প্ৰকাশ কৰা অনুসৰি তেওঁৰ এখন মাৰ্চিডিজসহ দুখন গাড়ী আছে । 2011তেওঁ 33•62 লাখ টকাত মাৰ্চিডিজখন ক্ৰয় কৰে। আনহাতে 2005 ত 4•75 লাখ টকাত এখন টয়’টা ক্ৰয় কৰে। আনহাতে ধৰ্মেন্দ্ৰৰ পুৰণি (ভিণ্টেজ) গাড়ীহে আছে । 1965 ত ধৰ্মেন্দ্ৰই সাত হেজাৰ টকাত এখন ৰেঞ্জ ৰ’ভাৰ ক্ৰয় কৰে। তদুপৰি তেওঁ এখন মাৰুতি 800 আৰু এখন মটৰ চাইকেল আছে ।
শপতনামাৰ তথ্য : এশ কোটি টকা সম্পত্তিৰ গৰাকী হেমা মালিনী।
-
By publisher
ADVERTISEMENT
- Categories: Loksabha Election, News, Politics
Related Content
National stock exchange:একেদিনাই তিনি হেজাৰ পইণ্টৰ উত্থান: ৮২ হেজাৰ অতিক্ৰম ছেনছেক্সৰ
By
publisher
May 13, 2025
কোন দিশে অসমীয়া সমাজ! নৃশংস অপৰাধে উদ্বিগ্ন কৰিছে সকলোকে
By
publisher
May 13, 2025
Panchayat Election Results Update:বিৰোধীৰ ৰথী-মহাৰথীৰ ভেটিত কঁপনি তুলি পঞ্চায়তত বিজেপিৰ জয়
By
publisher
May 13, 2025
মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!
By
publisher
May 12, 2025
'দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য
By
publisher
May 12, 2025