নিৰ্বাচনৰ বাবে নিয়োজিত ফ্লায়িং স্কোৱাৰ্ড আৰু বটদ্ৰৱা বিধানসভাৰ বাবে নিয়োজিত এছ এছ টি য়ে আজি নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ আৰক্ষীৰ সহযোগত ৩৫লাখ টকা জব্দ কৰিবলৈ সক্ষম হয়।নগাঁও-মৰিগাঁও সংযোগী পথৰ জাজৰি থানাৰ অন্তৰ্গত কুৰুৱাবাহী চাৰিআলিত এই দলকেইটাই চলোৱা তালাচীৰ সময়ত সন্দেহবশতঃ এ এছ ০২ ইউ ৮৯৫৭ টাটা টিয়াগো গাড়ী খনতো তালাচী চলায়।তালাচীৰ সময়ত অভিযানকাৰী দলে এটা বেগত ভৰাই নিয়া ৩৫লাখ টকা জব্দ কৰাৰ লগতে গাড়ী খনত যোৱা চাৰি জন লোকক আটক কৰি জাজৰি আৰক্ষীক চমজাই দিয়ে।দলটোৱে আটক কৰা লোক কেইজন হৈছে চিত্ৰৰঞ্জন ডেকা, মনোৰঞ্জন দাস, প্ৰদীপ ৰমণী আৰু মনোজ ডেকা।অভিযানকাৰী দলটোৰ জেৰাত লোক কেইজনে ধন খিনি বন্ধন বেংকৰ নগাঁও শাখাৰ পৰা জাজৰি শাখালৈ নিয়াৰ কথা প্ৰকাশ কৰে।কিন্তু তেওঁ লোকৰ বন্ধন বেংকৰ কোনো ধৰণৰ পৰিচয় পত্ৰ নথকাৰ উপৰিও কোনো নিৰাপত্তা ৰক্ষীক লগত নিয়া নাছিল। অভিযানকাৰী দলটোৱে জনোৱা মতে, বেংকৰ কৰ্মচাৰী সকলে অভিযানকাৰী দলক দিয়া বেংকৰ লেনদেনৰ দুই লাখ টকাৰহে তথ্য দিব পাৰিছে।ইয়াতে সন্দেহ ওপজাত অভিযানকাৰী দলটোৱে ধনৰাশি জব্দ কৰাৰ লগতে চাৰি জন লোকক আটক কৰে।অভিযানটোৰ নেতৃত্ব দিছিল এছ এছ টি ৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিষয়া ভৃগু কুমাৰ বৰা আৰু দিগন্ত বৰাই।
নগাঁৱত ৩৫ লাখ টকা জব্দ:চাৰি জনক আটক
-
By publisher

- Categories: Loksabha Election, News, Politics
- Tags: Loksabha Election
Related Content
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
By
publisher
April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
By
publisher
April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
By
publisher
April 29, 2026
First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা 'মহাবীৰ একুৱা' বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
By
publisher
April 29, 2026
Batadrava Than Pressmeet:১ মে'ত বটদ্ৰৱাত অনুষ্ঠিত হ'ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
By
publisher
April 29, 2026