Springfield Batteted by Hail Storm:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-মাৰ্কিন যুক্তৰাষ্ট্ৰত স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি। বেছবল আৰু চফ্টবলৰ দৰে ২ৰ পৰা ৪ ইঞ্চি বহল শিল পৰি ক্ষতিগ্ৰস্ত হয় অসংখ্য চাৰিচকীয়া বাহন। বিশেষকৈ স্প্ৰীংফিল্ড-ব্ৰেনছন ৰাষ্ট্ৰীয় বিমানবন্দৰৰ পাৰ্কিং লটত শিলাবৃষ্টিত ৰখাই থোৱা প্ৰায় ১৫০০ খন বাহনৰ ৯৫% বাহনৰ ক্ষতিসাধন হোৱা বুলি অনুমান কৰা হৈছে৷ একেদৰে শিলাবৃষ্টিত ২৫ শতাংশ বাহনৰ গ্লাছ ভাঙি চূর্ণবিচূর্ণ হয় । 

আনহাতে ঘণ্টাত ৭০ মাইল বেগত বতাহৰ সৈতে অহা শিলাবৃষ্টিৰ ফলত ১০ হাজাৰতকৈ অধিক লোকৰ বাসগৃহৰ বিদ্যুৎ বিচিন্ন হৈ পৰে। ৰাজপথত যাতায়ত ব্যৱস্থাও ব্যাহত হৈ পৰে ৷ ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে স্প্রীং ফিল্ড প্ৰশাসনে স্বাভাৱিক ব্যৱস্থা ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।































