WB Poll:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-আজি চুবুৰীয়া পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পুৱা ৭ বজাৰ পৰা আৰম্ভ হয়। ৰাজ্যৰ ৭খন জিলাৰ ১৪২খন আসনত বাবে আজি ৪১ হাজাৰৰো অধিক ভোট কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটদান পৰ্ব ৷ প্ৰায় ৩ কোটি ২১ লাখৰো অধিক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ৷ আবেলি ৫ বজালৈকে ভোটদানৰ হাৰ আছিল ৮৯.৯৯শতাংশ ৷
আনহাতে ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি জিলা অনুসৰি নাদিয়াত ৯০.২৮ শতাংশ , উত্তৰ ২৪ পৰগণাত ৮৯.৭৪, দক্ষিণ ২৪ পৰগণাত৮৯.৫৭,কলকাতা দক্ষিণ ৮৬.১১ ,কলকাতা উত্তৰ ৮৭.৭৭,হাওৰাত ৮৯.৪৪ ,হুগলি ৯০.৩৪ শতাংশ আৰু পূব বৰ্ধমানত ৯২.৪৬ শতাংশ ভোটদান হয় ৷
ইপিনে পশ্চিমবংগ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ কটকটীয়া কটকটীয়া নিৰাপত্তা মাজত অনুষ্ঠিত হোৱা দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনত কেতবোৰ বিক্ষিপ্ত ঘটনা সংঘটিত হয় পুৱাভাগত ৷ ইভিএম বিকলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় হাওৰাৰ এটা ভোটগ্রহণ কেন্দ্ৰত ৷পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠীচালনা কাে চিআৰপিএফে। অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ বাবে দুজন লোকক গ্ৰেপ্তাৰ কৰা হয় I































