এইবাৰ কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লে দৰিদ্ৰ পৰিয়ালক মাহিলি ছহেজাৰ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে সম্প্ৰতি আন এক চমক দিছে। ২০ শতাংশ দৰিদ্ৰ পৰিয়ালক উপকৃত কৰিবলৈ কংগ্ৰেছে মুকলি প্ৰতিশ্ৰুতি দিয়া ‘ন্যায় ‘ আঁচনিক লৈ চৰ্চা অব্যাহত সময়তে দলৰ সভাপতিজনে কয় যে দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লে ২০২০ৰ ৩১ মাৰ্চৰ ভিতৰত ২২ লাখ চৰকাৰী পদবীত নিযুক্তি সম্পন্ন কৰা হ’ব। তেওঁৰ ভাষ্যৰ দ্বাৰা দেশত সম্প্ৰতি ২২ লাখ চৰকাৰী চাকৰিৰ পদ খালী থকাটো স্পষ্ট হৈছে । এই বিষয়ে ঘোষণা কৰি কালি কংগ্ৰেছ সভাপতিজনে টুইটাৰত কয়,’ ২২চৰকাৰী পদ আজি খালী হৈ আছে। আমি এই পদসমূহ ২০২০ৰ মাৰ্চৰ ভিতৰত পূৰণ কৰিম।’ এই পদসমূহ পূৰণৰ বিপৰীতে স্বাস্থ্য, শিক্ষা আদি খণ্ডত কেন্দ্ৰৰ পৰা ৰাজ্য চৰকাৰক পুঁজি হস্তান্তৰৰো প্ৰতিশ্ৰুতি তেওঁ দিছে । লক্ষ্যণীয় যে নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত সংস্থাপনৰ সুযোগ হ্ৰাস পাইছে আৰু চৰকাৰে নতুন সংস্থাপনৰ সুবিধা সৃষ্টি কৰিব পৰা নাই বুলি অভিযোগ কৰি আহিছে ।
২০২০ৰ মাৰ্চৰ ভিতৰত ২২ লাখ চৰকাৰী পদবীত নিযুক্তিৰ প্ৰতিশ্ৰুতি এইবাৰ ৰাহুলৰ নতুন চমক
-
By publisher

- Categories: Loksabha Election, News, Politics
- Tags: CongressRahul Gandhi
Related Content
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
By
publisher
April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
By
publisher
April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
By
publisher
April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
By
publisher
April 24, 2026
Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026