নগাঁও : নগাঁও লোক সভা সমষ্টিত কংগ্ৰেছৰ প্ৰচাৰ তুংগত উঠিছে।আজি সংসদীয় সমষ্টিটোৰ অন্তৰ্গত বঢ়মপুৰ আৰু ৰহা সমষ্টিত অনুষ্ঠিত দুখনকৈ নিৰ্বাচনী সভাত কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈয়ে । দুপৰীয়া ১২ বজাৰ পৰা প্ৰথম খন সভা বঢ়মপুৰ সমষ্টিৰ কঠিয়াতলীত আৰু বিয়লি ২ বজাত ৰহা সমষ্টিৰ কচুৱা তিনিআলিত অনুষ্ঠিত হোৱা দুয়োখন সভাত উপস্থিত থাকি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলায় । বঢ়মপুৰৰ নিৰ্বাচনী সভাত ভাষণ দি প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে বিজেপি চৰকাৰ আৰু ৰাজ্যৰ স্বাস্থ্য, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়যে,নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ এক লাখৰো অধিক ভোটত জয়ী হব ।আনহাতে,২০২১ৰ বিধান সভাৰ নিৰ্বাচনত বিজয়ী হৈ পুনৰ কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব ৷ শৰ্মাৰ লগতে বিজেপিৰ একাংশ নেতাই কংগ্ৰেছৰ শাসন কালত দুৰ্ণীতি সংঘটিত হোৱা বুলি কৰা অভিযোগৰ প্ৰত্যুত্তৰ দি গগৈয়ে কয়,”কংগ্ৰেছ চৰকাৰে যদি দূৰ্নীতি কৰিছিল তেন্তে তাৰ অংশীদাৰ হিমন্ত বিশ্ব শৰ্মাও আছিল, বিজেপিলৈ গৈ কেনেকৈ শুদ্ধ হ’ল হিমন্ত ৷” আনহাতে, নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত ৰহা সমষ্টিৰ কচুৱা তিনিআলিত আজি বিয়লি অনুষ্ঠিত নগাঁও সংসদীয় সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈ আৰু ৰাজ্যিক মহিলা সভানেত্ৰী নন্দিতা দাসে নিৰ্বাচনী প্ৰচাৰ চলায়।কঠিয়াতলি ব্লক কংগ্ৰেছৰ সভাপতি বেনুু আহমেদৰ সভাপতিত্বত অনুষ্ঠিত জনসভাখনত উপস্থিত থাকি গগৈয়ে ভাষণত কয়,” এইবাৰ মোদী চকীদাৰৰ ভেল্কী বাজি শাসন ওফৰাই ধৰ্মনিৰপেক্ষ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ গঠণ হ’ব। ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ’ব । ‘মোডীৰ অচ্চেদিন আহিলনে, কলাধনৰ পোন্ধৰ লাখ ৰাইজে পাইছেনে বুলি প্ৰশ্ন কৰি গগৈয়ে বিজেপিক তীব্ৰ সমালোচনা কৰে।গগৈয়ে আৰু কয়,”বিজেপি সাম্প্ৰদায়িক আৰু ফাঁকিবাজি দল।এই দলটোক মহিমূৰ নকৰিলে ভাৰতৰ লগতে অসম খনো ৰসাতলে যাব ৷” আনহাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে একলাখ ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থীক পৰাজয় কৰিব বুলিও তৰুণ গগৈয়ে সদম্বে ঘোষণা কৰে । তেেওঁ কয়,” চকীদাৰ নৰেন্দ্ৰ মোডীৰ শাসনত আঢ়ৈ লাখ মহিলা ধৰ্ষিতা হৈছে, সাম্প্ৰদায়িক সংঘৰ্ষ বৃদ্ধি পাইছে, ৰাফেল ফাইল চুৰি হৈছে, ধৰ্মীয় অধিকাৰ পোৱা নাই। গতিকে চকীদাৰে যোগ্যতা হেৰুৱাইছে বাবেই মোক ভোট দিয়ক, মই আপোনালোকৰ শক্তিশালী কণ্ঠস্বৰ হ’ম ।”প্ৰদ্যুৎ বৰদলৈয়ে আৰু কয়,”ৰাহুল গান্ধী প্ৰধান মন্ত্ৰী হলে পুনৰ দেশখনত শান্তি, প্ৰগতি, ঐক্য আৰু সম অধিকাৰ ঘুৰি আহিব ।” সভাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে এইমচৰ কথাটো চিন্তা কৰি ৰহা সমষ্টিৰ ৰাইজে এটা ভোটো বিজেপি দলক নিদিবলৈ আহ্বান জনায়৷
নগাঁৱৰ একাধিক সভাত প্ৰদ্যুৎ বৰদলৈৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ তৰুণ গগৈৰ
-
By publisher

- Categories: Loksabha Election, News
- Tags: Loksabha ElectionTarun Gogoi
Related Content
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
By
publisher
April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
By
publisher
April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
By
publisher
April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
By
publisher
April 24, 2026
Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026