ওদালগুৰি : “কংগ্ৰেছ এতিয়া ডেমেজ হোৱা পাৰ্টী। আগৰ কংগ্ৰেছ আৰু এতিয়া মজবুত হৈ থকা নাই। লোকসভা নিৰ্বাচনত মঙ্গলদৈত পদুম চলিব আৰু ২০২০ চনত বিটিএডিত নাঙল চলিব। মঙ্গলদৈত কংগ্ৰেছৰ একো নাই, ইউপিপিএলৰ প্ৰাৰ্থী প্ৰদীপ দৈমাৰীৰো কাম নাই।”- এই ভাষ্য বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ। আজি ওদালগুৰিৰ হৰপুৰস্থিত উপেন্দ্ৰনাথ ব্ৰহ্ম স্মৃতি উদ্যানত ৬৯ নং ওদালগুৰি সমষ্টি নিৰ্বাচন পৰিচালনা সমিতিৰ উদ্যোগত কেইবাসহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত এক প্ৰচাৰ সভা অনুষ্ঠিত হৈ যায়। ৮ নং মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি, অগপ আৰু বিপিএফ মিত্ৰজোটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কংগ্ৰেছ তথা ইউপিপিএলক কঠোৰ ভাষাৰে সমালোচনা কৰে। মঞ্চত ৰাইজক উদ্দেশ্যি প্ৰদান কৰা ভাষণত মহিলাৰিয়ে কয় যে এইবাৰ বিটিচিৰ সকলোৱে পদুম ফুলত ভোট দিব লাগে। এতিয়া পদুম ফুলৰ দিন। নাঙলৰ দিন ২০২০ চনত আহিব, তেতিয়া সকলোৱে নাঙলক ভোট দিব লাগিব। লগতে মহিলাৰীয়ে কয় যে ২০২০ চনৰ নিৰ্বাচনত এবছু আৰু এনডিএফবিৰ সৈতে বিপিএফৰ ভয়ংকৰ যুদ্ধ হব। সেই যুদ্ধত এবছু আৰু এনডিএফবিক হৰুৱাব বিপিএফে। মঙ্গলদৈ লোকসভা সমষ্টিত মিত্ৰজোটৰ প্ৰাৰ্থী দিলীপ শইকীয়াক এশ শতাংশ জিকাই আনিব বুলি মঞ্চত ভাষণ প্ৰদান কৰি সমষ্টিটোত কংগ্ৰেছ আৰু ইউপিপিএলয়ে একো পাট্টা নাপায় বুলি দাবী কৰে। মহিলাৰীয়ে নিজৰ স্বভাৱসুলভ ভঙ্গীমাৰে চৰকাৰৰ বিভিন্ন আচনিৰ সুবিধা ৰাইজক লবলৈ দি কয় যে এতিয়াৰ পৰা বিয়া হ’লে চৰকাৰে একতোলাকৈ প্ৰদান কৰা সোণৰ সুযোগ সকলোৱে লব লাগে। আনহাতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত হাগ্ৰামাই কয় যে এবছুৱে এতিয়া বড়ো জাতিক লৈ বেপাৰ কৰি আছে যদিও বড়ো ভোট কেতিয়াও কাটি নিব নোৱাৰে। অসমত ৰাহুল গান্ধীৰ ভ্ৰমণে নিৰ্বাচনত একো প্ৰভাৱ পেলাব নোৱাৰে বুলিও স্পষ্টভাৱে উল্লেখ কৰে হাগ্ৰামাই। মঙ্গলদৈত মিত্ৰজোটৰ প্ৰাৰ্থী দিলীপ শইকীয়া প্ৰায় দুই লক্ষাধিক আৰু কোকৰাঝাৰত প্ৰমিলাৰাণী ব্ৰহ্মই তিনি লক্ষাধিক ভোটৰ ব্যৱধানত জয়ী নিশ্চিত বুলি আজিৰ সভাত দাবী কৰে হাগ্ৰামা মহিলাৰীয়ে।
কংগ্ৰেছ ডেমেজ হোৱা পাৰ্টী, প্ৰদীপ দৈমাৰীৰো কাম নাই, মঙ্গলদৈত ফুলিব পদুম
-
By publisher

- Categories: Loksabha Election, News, Politics
- Tags: AssamhagLoksabha Election
Related Content
Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড
By
publisher
April 28, 2026
Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে'ল দুর্ঘটনা
By
publisher
April 28, 2026
উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
By
publisher
April 28, 2026
DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ
By
publisher
April 28, 2026
যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম 'ডিজিটেল সংকট'ত ইৰান
By
publisher
April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ'ব জয়পুৰৰ ঐতিহাসিক 'ছুপাৰ কম্পিউটাৰ'
By
publisher
April 28, 2026