লালুৰ পৰিয়ালত সংঘাতৰ মাজতে তেজ প্ৰতাপক হত্যাৰ ভাবুকি

lalu

নিৰাপত্তা বিছাৰি আৰক্ষীৰ দ্বাৰস্হ

ৰাজনীতিক লৈ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দল (আৰ জে ডি)ৰ মুৰব্বী লালুপ্ৰসাদ যাদৱৰ পৰিয়ালত তিক্তকৰ সংঘাত অব্যাহত আছে । সংঘাত ইমানে প্ৰবল হৈছে যে কনিষ্ঠ ভ্ৰাতৃ তেজস্বীৰ বিৰুদ্ধচাৰণ কৰি লালুৰ জেষ্ঠ পুত্ৰ তেজ প্ৰতাপে কেতবোৰ সমষ্টিত আসন্ন নিৰ্ব্বাচনত নিৰ্দলীয়ভাৱে প্ৰাৰ্থী থিয় কৰাবলৈও লৈছে । এনে অৱস্থাত তেজ প্ৰতাপে অজ্ঞাত লোকৰ পৰা মৃত্যুৰ ভাবুকি পোৱা অভিযোগ উৎত্থাপিত হৈছে । কালি তেওঁ আৰক্ষীৰ দ্বাৰস্হ হৈ নিৰাপত্তা বিছাৰে। তেজ প্ৰতাপে অভিযোগ কৰা অনুসৰি তেওঁক আৰু তেওঁৰ সহযোগীক অজ্ঞাত লোকে কৰি হত্যাৰ ভাবুকি দিছে। এই লোকজনে নিজকে আৰ জে ডিৰ ছাত্ৰ শাখাৰ নেতা বুলি ভাবুকি দি তেজ প্ৰতাপক ভাবুকি দিয়ে। ইতিমধ্যে তেওঁৰ অভিযোগ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে ।

ADVERTISEMENT
Exit mobile version