কোকৰাঝাৰত ইউ পি পি এলৰ নিৰ্ব্বাচনী ইস্তাহাৰ মুকলি

IMG 20190409 WA0093

জনগোষ্ঠীয় সংঘাতৰ ফলত আভ্যন্তৰীণভাৱে বিতাড়িত লোকক সামগ্ৰিক সংস্থাপনৰ আশ্বাস

কোকৰাঝাৰ প্ৰেছ ক্লাৱত আজি ইউ পি পি এলে নিৰ্ব্বাচনী ইস্তাহাৰ মুকলি কৰে। বিটিচিৰ চিদলী সমষ্টিৰ নিৰ্ব্বাচিত সদস্য তথা এবছুৰ প্ৰাক্তন সভাপতি ৰৌণগৌৰা নাৰ্জাৰীয়ে দলৰ আন কেন্দ্ৰীয় নেতা উপস্থিতত কোকৰাঝাৰ প্ৰেছ ক্লাৱত দলীয় ইস্তাহাৰ মুকলি কৰি ইউ পি পি এলৰ প্ৰাৰ্থীসকলৰ বিজয় 100 শতাংশই নিশ্চিত বুলি দাবী কৰে । জনগোষ্ঠীয় সংঘাতৰ ফলত আভ্যন্তৰীণভাৱে বিতাড়িত লোকক সামগ্ৰিক সংস্থাপনৰ আশ্বাস, ভাৰত ভূটানৰ মাজত স্থায়ী বাণিজ্যিক সম্বন্ধ, বড়ো সন্যাসৰ সমাধানৰ্থে এবছু, এন ডি এফ বি(প্ৰ), পিজেএচিবিএম আদি সংগঠনে জনোৱা দাবী সমাধানৰ বাবে হেঁচা দিয়া, বড়ো মাধ্যমৰ বাবে পৃথক সঞ্চালকালয় গঠন কৰা, সকলো জাতি-জনগোষ্ঠীৰ সমমৰ্যাদা-সমউন্নয়ণ নিশ্চিত কৰা, যুদ্ধ বিৰতিত থকা সংগঠনসমূহৰ সমস্যা সমাধানৰ বাবে হেঁচা দিয়া, নাথ যোগী জনগোষ্ঠীৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় পেকেজ, বিটিচি অঞ্চলৰ প্ৰকৃত নাগৰিকৰ সমস্যা সমাধান কৰা আদি ইত্যাদিকে ধৰি ইউপিপিএলে নিৰ্ব্বাচনী ইস্তাহাৰখনত 44 টা দফা সন্নিবিষ্ট কৰা হৈছে ।

Exit mobile version