অহা 11 এপ্ৰিলৰ পৰা ৰাজ্যত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া অনুপ্ৰৱেশকাৰীয়েও ভোটদানৰ সুযোগ পাব নেকি? ভোটদানৰ সময়ত ভোটাৰে নিজৰ ভোটাৰ পৰিচয়পত্ৰ ভোটকেন্দ্ৰত দেখুৱাব লাগে। কিন্তু এনে ভোটাৰ পৰিচয়পত্ৰতে ব্যাপক জালিয়াতিৰ ঘটনা পোহৰলৈ আহিছে । সম্প্ৰতি চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ শুনানি পৰ্যায়ত এই পৰ্যন্ত কমেও দুহেজাৰখন জাল পৰিচয় পত্ৰ ধৰা পৰিছে। উল্লেখ্য যে এন আৰ চি চূড়ান্ত খচৰাত 40 লক্ষাধিকৰ নাম বাদ পৰে। তাৰে অধিকাংশই এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিবলৈ আবেদনৰ লগত ভোটাৰ পৰিচয় পত্ৰৰ প্ৰতিলিপি দাখিল কৰিছে । নিৰ্ব্বাচনৰ পৰিপ্ৰেক্ষিতত সদ্যহতে সাময়িকভাবে ইয়াৰ শুনানি স্হগিত ৰখা হৈছে যদিও এই পৰ্যন্ত যিসকলৰ শুনানি সম্পন্ন হৈছে সেইসকলৰ ভিতৰত কমেও দুহেজাৰ জনৰ ভোটাৰ পৰিচয়পত্ৰৰ ক্ষেত্ৰত উক্ত তথ্য পোহৰলৈ আহে। লক্ষ্যণীয়ভাৱে এইসকলৰ অধিকাংশই হৈছে বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা অনুপ্ৰৱেশকাৰী বলি চিনাক্ত হোৱা লোক। নিৰ্ব্বাচনৰ পাছত পুনৰ বাকী থকা শুনানি অনুষ্ঠিত হ’ব। এই প্ৰসংগতে এন আৰ চিৰ লগত জড়িত শীৰ্ষ সূত্ৰই সদৰী কৰে যে এই পৰ্যন্ত অতি বেছি 59 শতাংশ শুনানিহে অনুষ্ঠিত হৈছে । তেনে ক্ষেত্ৰত ভোটাৰ পৰিচয়পত্ৰতক লৈ আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
নিৰ্ব্বাচনত অনুপ্ৰৱেশকাৰীয়ে লাভ কৰিব ভোটদানৰ সুযোগ?
-
By publisher

- Categories: News
Related Content
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
By
publisher
May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
By
publisher
May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
By
publisher
May 4, 2026
খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়
By
publisher
May 4, 2026