জৰুৱা-বন্দিহানা :অৱশেষত বহু চৰ্চাৰ অন্ত পেলাই আজি আই ইউ ডি এফ আৰু ইউ পি পিএলে বিটিএডিৰ কাজিগাৱত অনুষ্ঠিত কৰিলে এখন যৌথ নিৰ্বাচনী প্ৰচাৰ সভা।পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত কাজিগাও সাংস্কৃতিক মঞ্চৰ খেলপথাৰত আজি দিনৰ ১২.৩০বজাত অনুষ্ঠিত নিৰ্বাচনী সভাখনত পৰ্বতঝোৰা ইউ পি পি এলৰ সভাপতি উত্তম কুমাৰে হাজোৱাৰীয়ে তেওঁৰ ভাষণত বড়োভূমিৰ বড়ো,ৰাভা, গাৰো আদি সম্প্ৰদায়ৰ লোকসকলে তাহানিৰ পৰাই মছুলমানৰ সতে মিলিজুলি বসবাস কৰি আহিছে মন্তব্য কৰি কয় যে বিজেপি আৰু কংগ্ৰেছে আমাক শান্তিৰে জীয়াই থাকিব দিয়া নাই।এ আই ইউ ডি এফৰে ৰাজনৈতিক মিত্ৰতা ৰ ফলত পূৰ্বৰ মিলাপ্ৰীতি তথা সমন্বয়ৰ এনাজৰী ঢাল অধিক শক্তিশালী হব বুলি তেওঁ মন্তব্য কৰে। ধুবুৰী, কোকৰাঝাৰ জনজাতীয় সমষ্টিৰ লগতে বৰপেটা সংসদীয় সমষ্টি তিনিখনৰ বাবে দুয়ো দলে মিত্ৰতা কৰাৰ কথা প্ৰকাশ কৰি ইউ পি পি এলৰ নেতাজনে কয় কেব গৃহীত কৰিব বিচৰা বিজেপিয়ে আৰু ৬জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব বিচৰা কংগ্ৰেছে মছুলমানৰ ৰাজনীতি ধবংশ কৰাৰ ষড়যন্ত্ৰৰ লগতে বড়োসকলৰ অধিকাৰ খৰ্ব কৰিব বিচাৰিছে।ইয়াক দুয়োটা দলে সন্মিলিত ভাবে প্ৰতিহত কৰিব বুলি হুংকাৰ দি কয় যে কোকৰাঝাৰত হাগ্ৰামাই মিটিং কৰিব পৰা নাই, তাত ইউ জি ব্ৰাহ্মৰ জয় নিশ্চিত বুলি দাবী কৰে।আনহাতে সাংসদ বদৰুদ্দিন আজমল নথকা হলে হাগ্ৰামাই ৰূপসৰ বিমানবন্দৰ মাটি বিক্ৰী কৰিলেহেতেন বুলি বিষ্ফোৰক মন্তব্য কৰে। সভাখনত পৰ্বতঝোৰা ট্ৰাইবেল সংঘৰ সভাপতি নিৰঞ্জন ব্ৰাহ্মই কংগ্ৰেছৰ নিৰ্বাচনী ইস্তেহাৰত ৬জনগোষ্ঠীক জনজাতি কৰণৰ কথা উল্লেখ থকাৰ প্ৰসংগত তীব্ৰ প্ৰতক্ৰিয়া কৰি কয় যে এইবেলি নামনিৰ পৰা অগপ বিজেপি আৰু কংগ্ৰেছ উৎখাত কৰা হব। পৰ্বতঝোৰা ইউ পি পি এলৰ সাধাৰণ সম্পাদক ওৰগেছ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমানে বড়ো,গাৰো সকলৰ সৈতে মছুমানৰ সুসম্পৰ্ক-সমন্বয়ৰ চানেকি ঐতিহাসিক যুগৰ বুলি মন্তব্য কৰে।সমাগত নিৰ্বাচনত বি টি এডিৰ জনগোষ্ঠীয় লোকে আজমলক ভোটদানৰ সিদ্ধান্ত গ্ৰহণ কৰাত তেওঁ জনগোষ্ঠীয় ভোটাৰ সকলক ধন্যবাদ জ্ঞাপন কৰে।
বিটিএডিৰ কাজিগাৱত এ আই ইউ ডি এফ-ইউ পি পি এলৰ যৌথ নিৰ্বাচনী সভা
-
By publisher

- Categories: Loksabha Election, News
- Tags: Badaruddin AjmalBPFHagrama MohilaryLoksabha Election
Related Content
এলিভেটেড কৰিড'ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য
By
publisher
May 3, 2026
উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?
By
publisher
May 3, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই
By
publisher
May 3, 2026
কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক
By
publisher
May 3, 2026
দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ
By
publisher
May 3, 2026
দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী
By
publisher
May 2, 2026