পুলৱামা(Pulwama) জিলাত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ স’তে জড়িত থকাৰ অভিযোগত এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে। ধৃতজনৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱাৰ তথ্য পোৱা গৈছে। ঘটনাটোক লৈ গভীৰ তদন্ত আৰম্ভ কৰিছে তদন্তকাৰী সংস্থাই।
গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত শনিবাৰে দক্ষিণ কাশ্মীৰৰ বিভিন্ন স্থানত যৌথ অভিযান চলায় জম্মু আৰু কাশ্মীৰ আৰক্ষী(Jammu and Kashmir Police),ৰাষ্ট্ৰীয় ৰাইফলছ(Rashtriya Rifles) আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী(Central Reserve Police Force)ৰ জোৱানসকলে।
অভিযানৰ অন্তত ৰাজপোৰা এলেকাৰ পৰা মহম্মদ উমৰ মালিক নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰা হয়।
তদন্তকাৰীৰ সূত্ৰে জনোৱা মতে, ধৃতজনৰ পৰা এটা পিষ্টল, মেগাজিন, বহু পৰিমাণৰ কাৰ্তুজ, দুটা হেণ্ড গ্ৰেনেডসহ বিভিন্ন অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছে।
ইতিমধ্যে ৰাজপোৰা থানাত তেওঁৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছে।
গোপনীয়া সূত্ৰৰ দাবী অনুসৰি, ধৃত উমৰ মালিকৰ স’তে পাক-সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনৰ যোগসূত্ৰ আছে। তেওঁ বহুদিন ধৰি কাশ্মীৰত ‘ওভাৰ গ্ৰাউণ্ড ৱাৰ্কাৰ’ হিচাপে কাম কৰি আহিছিল।
সেনাবাহিনীৰ গোপন তথ্য সৰবৰাহ কৰাৰ পৰা আৰম্ভ কৰি সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা তৈয়াৰত তেওঁৰ গুৰুত্বপূর্ণ ভূমিকা আছিল বুলি সন্দেহ কৰা হৈছে।
বৰ্তমান ধৃতজনক জিম্মাত লৈ অধিক তথ্য সংগ্ৰহ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে চোৰাংচোৱা সংস্থাসকলে।






























