গোৰেশ্বৰৰ কেবাস্থানতো বিকল ইভিএম

IMG 20190418 WA0012

♦গোৰেশ্বৰ : মংগলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত বাগসা জিলাৰ গোৰেশ্বৰৰ কেবাস্থানতো বিকল ইভিএম। গোৰেশ্বৰৰ ৰামছা প্ৰাথমিক বিদ্যালয়ৰ ১২০ নং ভোটকেন্দ্ৰত ওলাল  বিকল ইভিএম। ইয়াকে কেন্দ্ৰ কৰি পুৱা ৬ বজাৰ পৰা শাৰীপতা ভোটদাতাৰ মাজত ক্ষোভৰ সৃষ্টি হয়। ৯.৩০ বজাত আৰম্ভ হয় ভোটগ্ৰহন। আনহাতে মহৰিপাৰাৰ টেঙাঝাৰ অঞ্চলৰ ১০০ নং শুক্লা হাইস্কুল ভোটগ্ৰহণ কেন্দ্ৰত বিকল হয় ইভিএম।  ভাল কৰিবলৈ চেষ্টা কৰিও বিফল হয় কাৰিকৰী বিশেষজ্ঞৰ দলে। নতুন মেচিনেৰে ৯. ৪০ বজাৰ পৰা আৰম্ভ কৰে ভোটগ্ৰহণ। ইপিনে গোৰেশ্বৰৰ ৯৫ নং শিমিলা ভোটগ্ৰহণ কেন্দ্ৰ, ১৬০ নং কেৰ্পাভিঠা প্ৰাথমিক বিদ্যালয়তো ইভিএমৰ যান্ত্ৰিক বিজুতিৰ বাবে পলমকৈ আৰম্ভ হয় ভোটগ্ৰহণ। অঞ্চলটোৰ কেবাস্থানতো ইভিএম বিকল হোৱাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

প্ৰেৰক
দীপাংকৰ দাস
গোৰেশ্বৰ।

Exit mobile version