Tragic road accident in Guwahati:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:কালিকা লগা শনিবাৰে তামুলপুৰ আৰু বোকাখাতত সংঘটিত দুটা পৃঠক পথ দুৰ্ঘটনাত এগৰাকী বিহুৱতী সহ দুই যুৱকৰ মৃত্যুৰ ঘটনাই ৰাজ্যবাসীক মিয়ম্ৰান কৰাৰ মাজতে নিশা গুৱাহাটী মহানগৰীৰ মঠঘৰীয়াৰ গে’ট হাস্পতালৰ সন্মুখত সংঘটিত আন শোকাৱহ দুর্ঘটনাত থিতাতে প্ৰাণ গ’ল ৩ যুৱতীৰ।
যুৱতী তিনিগৰাকী উঠি অহা AS 01 GP 05611নম্বৰৰ দ্ৰুতগতিত অহা ছুইফট ডিজায়াৰ বাহন খনে ৰৈ থকা ট্ৰাকত প্রচণ্ড খুন্দা মাৰে ফলত ৩ যুৱতীৰ কৰুণ মৃত্যু হয় ৷ উল্লেখ্য যে দুৰ্ঘটনাটি সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল ছুইফট ডিজায়াৰ খনৰ চালকজন ৷
শোকাৱহ দুৰ্ঘটনাটোৰ পিছতে স্থানীয় ৰাইজ আৰু আৰক্ষী উপস্থিত হৈ ৩ যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰি জিএমচিএইছৰ মৰ্গলৈ প্ৰেৰণ কৰে ৷ আনহাতে দুৰ্ঘটনা গ্ৰস্ত ছুইফট ডিজায়াৰ খনৰ চালক জনৰ সন্ধান লাভ নকৰিলে আৰক্ষীয়ে ৷ অৱশ্যে পিছত তদন্ত কৰি নিশ্চিত হয় যে চালক জনৰ নাম ছামিম আহমেদ। তেওঁ ঘটনাটোৰ পিছতে পলায়ন কৰিছিল।
আনহাতে দুৰ্ঘটনাটোত মৃত্যু হোৱা যুৱতী কেইগৰাকীৰ পৰিচয় দেওবাৰেহে আৰক্ষীয়ে লাভ কৰে ৷ যুৱতী কেই গৰাকী হ’ল শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ আকংক্ষা শইকীয়া৷ তেওঁ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী৷ আন দুগৰাকী হ’ল বৰপেটাৰ নেহা খান আৰু পূজা সাহা ৷ এই শোকাৱহ দুৰ্ঘটনাৰ সংবাদ যুৱতী কেই গৰাকীৰ দুৰ্ভগীয়া পৰিয়ালে লাভ কৰাৰ পিছতে শোকাহত হৈ পৰে ৷ ইতিমধ্যে পৰিয়ালৰ আত্মীয়স্বজন উপস্থিত হয় জিএমচিএইছত।































