লোকসভা নিৰ্ব্বাচনৰ প্ৰচাৰ তুংগত উঠাৰ সময়তে একেখন মঞ্চত উপবিষ্ট হ’ল একালৰ ঘোৰ শত্ৰু মুলায়ম সিং যাদৱ আৰু মায়াৱতী । বিজেপিক প্ৰতিহিত কৰাৰ স্বাৰ্থত এইবাৰ উত্তৰ প্ৰদেশৰ মুলায়ম নেতৃত্বাধীন সমাজবাদী পাৰ্টি আৰু মায়াৱতী নেতৃত্বাধীন বহুজন সমাজ পাৰ্টি (বি এছ পি)য়ে মিত্ৰতাৰে লোকসভা নিৰ্ব্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে । ইয়াক লৈ হৈ থকা চৰ্চাই আজি বিশেষ মাত্ৰা লাভ কৰে। কাৰণ আজি এক নিৰ্ব্বাচনী সভাত মুলায়ম আৰু মায়াৱতীক একেখন মঞ্চতে দেখা যায় । সভাখন মুলায়মৰ সমৰ্থনত আয়োজন কৰা হৈছিল । একালৰ ঘোৰ শত্ৰু মুলায়মৰ সমৰ্থনত প্ৰচাৰ চলোৱা উদ্দেশ্যে তেওঁৰ সমষ্টি মেইনপুৰীত আয়োজিত সভাখনত মায়াৱতীও অংশ লয়। যি এক বিৰল ঘটনা বুলি ৰাজনৈতিক বিশ্লেষকসকলে আখ্যা দিছে । মুলায়মৰ স’তে একেখন মঞ্চতে আসন গ্ৰহণ কৰাই নহয়, মুলায়মক প্ৰশংসাৰেও উপচাই পেলায় মায়াৱতীয়ে। মুলায়মক প্ৰশংসা কৰিবলৈ গৈ মায়াৱতীয়ে নৰেন্দ্ৰ মোদীক ভেজাল আখ্যা দিয়ে।
একেখন মঞ্চতে উপবিষ্ট হ’ল একালৰ ঘোৰ শত্ৰু মূলায়ম-মায়াৱতী
-
By publisher

- Categories: Loksabha Election, News
- Tags: Loksabha Election
Related Content
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
By
publisher
April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
By
publisher
April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
By
publisher
April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
By
publisher
April 24, 2026
Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026