মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপি চৰকাৰে জাতি-বৰ্ণ ভাষা-ধৰ্ম নিৰ্বিশেষে সকলোৰে উন্নতিৰ হকে কাম কৰি অহা বুলি দাবী কৰি অহাৰ সময়তে পুনৰ সাম্প্ৰদায়িক মন্তব্য কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে। কালি বৰপেটা জিলাৰ বহৰিত এখন নিৰ্ব্বাচনী সভাত অংশ লোৱাৰ সময়ত ৰাজ্যিক বিজেপিৰ সভাপতিজনে ৰমজানৰ নামত এমাহ দোকান-পোহাৰ বন্ধ ৰখা বৰপেটা জনীয়া-কলগাছিয়াত অসমীয়া নাই বুলি মন্তব্য কৰে। কিছুমাহ পূৰ্বে বৰপেটাৰ কেতবোৰ অঞ্চললৈ গ’লে পাকিস্তান যেন লাগে বুলি মন্তব্য কৰি বিতৰ্কৰ সূত্ৰপাত ঘটোৱা ৰাজ্যিক বিজেপিৰ সভাপতিজনে ধৰ্মীয় সংখ্যালঘু লোকসকলক ইংগিত কৰি কয় ,’উজনি অসমত অসমীয়া কৃষ্টি-সংস্কৃতিৰ পয়োভৰ দেখিবলৈ পোৱাৰ বিপৰীতে ধুবুৰী আৰু বৰপেটাৰ একাংশ অঞ্চললৈ গ’লে নিজকে অসমীয়া যেন নালাগে । ৰমজানৰ নামত এমাহ ধৰি দোকান-পোহাৰ বন্ধ ৰখা এইখন অসম বা ভাৰতৰ কোনো অঞ্চললৈ গ’লে আপোনাৰ কেনে লাগিব? ‘
জনীয়া-কলগাছিয়াত নাই অসমীয়া সংস্কৃতি
-
By publisher

- Categories: Loksabha Election, News
- Tags: AssamAssam BJPLoksabha Election
Related Content
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
By
publisher
April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
By
publisher
April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
By
publisher
April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
By
publisher
April 24, 2026
Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026